মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ভ্ৰাম্যমান নৌকা চিকিৎসালয়, ১৭ জুনত হ’ব মুকলি

বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ভ্ৰাম্যমান নৌকা চিকিৎসালয়, ১৭ জুনত হ’ব মুকলি

News18 Assam | News18-Assam
Updated:June 6, 2021, 7:03 PM IST
বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ভ্ৰাম্যমান নৌকা চিকিৎসালয়, ১৭ জুনত হ’ব মুকলি
মাজুলীত নিৰ্মাণ কৰা ভ্ৰাম্যমান নৌকা চিকিৎসালয়খন মূলত বৰ্হিঃবিভাগৰ ব্যৱস্থা থকাৰ লগতে ৰোগীক নিৰীক্ষণৰ বাবে দুখন বিচনা থাকিব।

মাজুলীত নিৰ্মাণ কৰা ভ্ৰাম্যমান নৌকা চিকিৎসালয়খন মূলত বৰ্হিঃবিভাগৰ ব্যৱস্থা থকাৰ লগতে ৰোগীক নিৰীক্ষণৰ বাবে দুখন বিচনা থাকিব।

  • Share this:
গহপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ‍বিভিন্ন অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে। যাতায়াতৰ ব্যৱস্থা সুচল নোহোৱাত চিকিৎসালয়ৰ বহু দুৰত থকাৰ বাবে বহু সময়ত ৰোগীয়ে সাধাৰণ চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰা দেখা যায়। এই নদী পৰীয়া লোকসকলৰ দুখ–কষ্ট  অনুভৱ কৰি কিছু সকাহ দিবৰ  বাবে আগবাঢ়ি আহিছে  কৰোনা ট্ৰাষ্ট নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান।

কোৰোণা ট্ৰাষ্ট নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উত্তৰ–পূবৰ সঞ্চালক অনুপ শৰ্মাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি থকা হৈছে এখন নৌকা চিকিৎসালয়। সঞ্চালক অনুপ শৰ্মাই জানিবলৈ দিয়া মতে, বিবেকানন্দ নামৰ ভ্ৰাম্যমান নৌকা চিকিৎসালয়খনে বিশেষকৈ গহপুৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলৰ লগতে চৰ–চাপৰি অঞ্চলসমূহৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰাৰ উপৰি পৰ্যায় ক্ৰমে গহপুৰ সমষ্টি কাষৰীয়া বিহপুৰীয়া আৰু বিহালী সমষ্টিৰ ৰাইজকো চিকিৎসা সেৱা আগবঢ়োৱা হ'ব।

মাজুলীত নিৰ্মাণ কৰা ভ্ৰাম্যমান নৌকা চিকিৎসালয়খন মূলত বৰ্হিঃবিভাগৰ ব্যৱস্থা থকাৰ লগতে ৰোগীক নিৰীক্ষণৰ বাবে দুখন বিচনা থাকিব। নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত হ’লে ৰাতি ৰোগীক ৰখা হ'ব যদিও প্ৰসূতিক যিকোনো সময়তে চিকিৎসা প্ৰদান কৰা হ'ব। প্ৰাথমিক চিকিৎসাৰ সকলো সা-সুবিধাৰ লগতে ৰোগী চোৱা কক্ষ, লেব’ৰেটৰী,  চিকিৎসক কক্ষ, নাৰ্ছৰ কক্ষ, অক্সিজেনৰ ব্যৱস্থা আপাতকালীন ব্যৱস্থা আদিৰ সুবিধা থাকিব।

৫ কিলোৱাট  ছ’লাৰ প্লেণ্টৰ জৰিয়তে সৌৰ শক্তিৰে চলিব লগা নৌকা চিকিৎসালয়খনত বিশুদ্ধ খোৱা পানী আৰু অনাময় ব্যৱস্থাও থাকিব। নৌকা চিকিৎসালয়খনত উপযুক্ত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী কোৰোণা ট্ৰাষ্টে নিয়োগ কৰিব। উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলক ট্ৰাষ্টৰ এম্বুলেঞ্চেৰে বিশ্বনাথ চাৰিআলি, তেজপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব।

বৰ্তমান ফেৰীখন গহপুৰৰ মেইল বজাৰ ঘাটত ৰাখি নিৰ্মাণ কৰি থকা হৈছে। মাত্ৰ ন্যূনতম মাচুলৰ জৰিয়তে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা বিবেকানন্দ নৌকা চিকিৎসালয়খন  অহা ১৭ জুনত মুকলি কৰা হ’ব বুলি সঞ্চালক অনুপ শৰ্মাই জনায়। নৌকা চিকিৎসালয়খনে তিনি সমষ্টিৰ ব্ৰহ্মপুত্ৰ নৈ পৰীয়া ৰাইজক চিকিৎসা প্ৰদান কৰিব বিচৰাত কোৰোণা ট্ৰাষ্টৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে। ব্ৰহ্মপুত্ৰৰ সিটো পাৰে বৰতামুলী, সৰুতামুলী, লক্ষীচাপৰি, তলতলী, জবৰে চাপৰি আদি কুৰিৰো অধিক গাঁৱৰ লোকে বাস কৰে।

উক্ত অঞ্চলৰ লোকসকলৰ বাবে বিশেষ সুবিধা হ'ব এই নৌকা চিকিৎসালয়খনৰ জৰিয়তে। বিভিন্ন সময়ত বাট পথৰ অসুবিধাৰ বাবে নৈৰ ওপৰেদি যাত্ৰা কৰি টুলুঙা নাৱতে সন্তান প্ৰসৱ কৰাৰ দৰে ঘটনাও নৈ পৰীয়া অঞ্চলত সংঘটিত হৈ আহিছে। এতিয়া আৰু তেনে সমস্যাত ভুগিব নালাগে উক্ত অঞ্চলৰ মহিলাসকলে। ১৭ জুনত উদ্বোধন হ'বলগীয়া এই নৌকা চিকিৎসালয়ে এতিয়া সকলো সমস্যা  দূৰ কৰিব নৈ পৰীয়া ৰাইজৰ।
Published by: Sanjay Kumar Das
First published: June 6, 2021, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি