ইফালে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লোৱাৰ কথা স্পষ্টকৈ জনাইছে।
ইফালে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লোৱাৰ কথা স্পষ্টকৈ জনাইছে।
নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ। বটদ্ৰৱা হাইদুবিৰ আনোৱাৰ হুছেইন নামৰ অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত বৰ্তমান সোধপোচ চলাইছে আৰক্ষীয়ে ৷
ইফালে বটদ্ৰৱা থানা জ্বলাই দিয়া গোচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মজিবুৰ ৰহমান, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইনৰ লগতে মৃত ছফিকুল ইছলামৰ পত্নী ৰচিদা খাতুনক আদালতত হাজিৰ কৰি পাঁচদিনৰ বাবে নিজৰ জিম্মাত লৈছে নগাঁও আৰক্ষীয়ে।
ইফালে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লোৱাৰ কথা স্পষ্টকৈ জনাইছে। ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে, 'আমি সভাই সমিতিয়ে কোৱা কথাবোৰেই ইয়াৰ প্ৰমাণ হ'ল। বটদ্ৰৱাৰ ঘটনাই প্ৰমাণ কৰিলে অসমত সাধাৰণ নাগৰিক কেনেকৈ জীয়াই আছে। যিসকল এই ঘটনাত জড়িত, সেইসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। আন সকলোকো সকিয়াই দিব বিচাৰো যে, আমাৰ চৰকাৰ থকালৈকে আমি এনেধৰণৰ কামত জড়িত সকলক আমি কেতিয়াও ক্ষমা নকৰো। আমি কঠোৰ হাতেৰে দমন কৰিম।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|