কৰিমগঞ্জৰ বুবৰিঘাট চাহ বাগিচাত পুনৰ গণ প্ৰহাৰৰ ঘটনা। গণপ্ৰহাৰত প্ৰাণ গ’ল তিনি বাংলাদেশী গৰু চোৰৰ। যোৱানিশা পাথাৰকান্দি সমষ্টিৰ বুবৰিঘাট বাগিচা পঞ্চায়তৰ সচিব ৰাজু তেলংগাৰ ঘৰত ৭টা বাংলাদেশী দুৰ্বৃত্তই গৰু চুৰি কৰিবলৈ আহে।
ঘটনাৰ উমান পাই গৃহস্থই চিঞৰ–বাঘৰ কৰাত বাগিচাৰ বহু লোক ওলাই আহি দুৰ্বত্তকেইটাক কৰায়ত্ত কৰাৰ চেষ্টা কৰে।
দলটোৰ চাৰিটা চোৰ বাংলাদেশলৈ পলাই যাবলৈ সক্ষম হয় যদিও তিনিটা চোৰক কৰায়ত্ত কৰি মৰিয়াই মৰিয়াই হত্যা কৰে বাগিচাৰ লোকে।
![]()
মৃত লোককেইজনৰ পৰা পৰা উদ্ধাৰ হয় তাঁৰ কাটাৰসহ কিছু সামগ্ৰী। উল্লেখ্য, বুবৰিঘাটত ৭ জুনতো সংঘটিত হৈছিল আন এক গণপ্ৰহাৰৰ ঘটনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|