আজি মহানগৰীত গণপ্ৰহাৰৰ ভয়ংকৰ ঘটনা সংঘটিত হয়। ফটাশিল আদাগুদামত সংঘটিত হয় এই গণপ্ৰহাৰত। এই গণপ্ৰহাৰত এজন যুৱকৰ গুৰুতৰভাৱে আহত হয় আৰু পিছত মৃত্যু ঘটে। জানিব পৰা মতে নিহত যুৱকজনৰ নাম সুনীল শৰ্মা।
উল্লেখ্য যে, প্ৰথমে ছুৰীৰে আক্ৰমণ কৰা হৈছিল লোকজনক আৰু তাৰ পাছত গণপ্ৰহাৰ কৰা হয়। চোৰৰ সন্দেহত যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰিলে। যুৱকজনক ফটাশীল আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিছিল । পিছত ৰক্তাক্ত অৱস্থাৰ যুৱকজনক থানাৰ পৰা GMCHলৈ নিয়া হৈছিল যদিও বাটতে যুৱকজনৰ মৃত্যু হয়। GMCHত যুৱকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।