• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্ধবিশ্বাসে কিমান পশুতুল্য কৰিব পাৰে মানুহক! ডকমকাত দুজনক হত্যা কৰি শিৰচ্ছেদ, ৯জনক গ্ৰেপ্তাৰ

অন্ধবিশ্বাসে কিমান পশুতুল্য কৰিব পাৰে মানুহক! ডকমকাত দুজনক হত্যা কৰি শিৰচ্ছেদ, ৯জনক গ্ৰেপ্তাৰ

অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায়৷

অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায়৷

অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায়৷

  • Share this:
অন্ধবিশ্বাসে কিমান পশুতুল্য কৰি তুলিব পাৰে মানুহক! ডকমকাৰ নৃশংস ঘটনাই পুনৰ সেই কথা প্ৰমাণ কৰিলে। ইতিমধ্যে এই ঘটনাত জড়িত ৯জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱাসকল – জোনালী গড়, কাজল গড় , ভূজেল গড়, সীতাৰাম গড়, ৰবীলাল গড়, কৃষ্ণ গড়, ৰাজেন গড়, ৰামছিং গড় আৰু সঞ্জু গড় ৷

উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে৷ গাঁওখনৰ এগৰাকী যুৱতী বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পিছত তিনিদিন পূৰ্বে যুৱতীগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

সেই অনুসৰি, বুধবাৰে যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্ৰিয়া কৰ্ম অনুষ্ঠিত হৈ থকা অৱস্থাতে গাঁওখনৰে আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। পিছত ’গাত দেউ লম্ভা’ বুলি গাঁওবাসীয়ে ধাৰণা কৰে৷ লগতে উক্ত যুৱতীগৰাকীয়ে ওচৰৰে ৰমাৱতী হালোৱা নামৰ মহিলাগৰাকীক ডাইনী বুলি অভিযোগ কৰে৷ ইয়াৰোপৰি, মহিলাগৰাকীৰ বাবেই গাঁওখনৰ অপায়–অমংগল সংঘটিত হৈ থকা বুলি গাঁওবাসীক অৱগত কৰে। লগে গাঁওখনৰ একাংশ উন্মত্ত যুৱকে ৰমাৱতী হালোৱাক মাৰধৰ কৰি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে।



আনহাতে, গাঁওবাসীৰ এনে অযুক্তিকৰ কাম-কাজত বাধা প্ৰদান কৰিবলৈ গাঁওখনৰে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিজয় গৌড় নামৰ যুৱকজন আগবাঢ়ি আহে৷ উন্মত্ত জনতাই যুৱকজনকো কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে। অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায়৷ পুনৰ উত্তপ্ত ডকমকাপৰৱৰ্তী সময়ত মৃতদেহ দুটা এখন নদী পাৰ কৰি চোঁচৰাই নি এটা পাহাৰৰ ওপৰত দাহ কৰে।

উন্মাদ লোকসকলে মহিলাগৰাকীৰ কিশোৰী কন্যাগৰাকীকো হত্যাৰ চেষ্টা চলাই যদিও কিশোৰীগৰাকী নিশাটো ধাননিৰ মাজত লুকাই থাকি কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷ বৃহস্পতিবাৰে পুৱা ডকমকা থানাত হাজিৰ হয় কিশোৰীজনী।
Published by:Sanjay Kumar Das
First published: