নগাঁৱৰ ৰূপহীহাটত উত্তেজিত লোকৰ থানাত আক্ৰমণ। আৰক্ষীৰ ৪খন বাহন ধ্বংস, আহত কেইবাজনো জোৱান। আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুৰ অভিয়োগক লৈ উত্তেজনা।

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:54 PM IST
নগাঁৱৰ ৰূপহীহাটত উত্তেজিত লোকৰ থানাত আক্ৰমণ। আৰক্ষীৰ ৪খন বাহন ধ্বংস, আহত কেইবাজনো জোৱান। আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুৰ অভিয়োগক লৈ উত্তেজনা।
অভিযোগ মতে আৰক্ষীৰ প্ৰহাৰত লাওগাৱঁৰ ছৈয়ব আক্তাৰ নামৰ যুৱক জনৰ মৃত্যু হৈছিল আৰু তাকে কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।

অভিযোগ মতে আৰক্ষীৰ প্ৰহাৰত লাওগাৱঁৰ ছৈয়ব আক্তাৰ নামৰ যুৱক জনৰ মৃত্যু হৈছিল আৰু তাকে কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।

  • Share this:
আৰক্ষীৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যুৰ অভিযোগৰ পাছতে হিংসাত্মক হৈ পৰিছে নগাঁৱৰ ৰূপহীহাটৰ পৰিস্থিতি।উত্তেজিত জনতাই ভাঙিলে আৰক্ষীৰ ৪খন বাহন। থানাত অগ্নিসংযোগৰ চেষ্টা উত্তেজিত লোকৰ। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰো ক্ষতিসাধন কৰে উন্মাদ লোকসকলে। ৰূপহীহাটত আৰক্ষী আৰু জনতাৰ তুমুল সংঘাত। কেইবাজনো আৰক্ষী জোৱানক বেয়াকৈ মাৰধৰ কৰাত গুৰুতৰভাৱে আহত হৈছে জোৱনকেইজন।

উত্তেজিত লোকে আৰক্ষীৰ গাড়ী ভঙাৰ দৃশ্য।


আৰক্ষী থানালৈ লক্ষ্য কৰি উত্তেজিত ৰাইজে শিলগুটি নিক্ষেপ কৰে। উত্তেজিত ৰাইজক শান্ত কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পাছত গুলীচালনা কৰিবলৈ বাধ্য হয়।


মিনি লক ডাউনৰ সময়তে ৰূপহীহাটৰ গেৰেকী গাঁৱত আৰক্ষীয়ে নিয়মীয়া টহলৰ সময়ত একাংশ যুৱকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গেৰেকী গাঁৱত আবেলি খেলি থকা অৱস্থাত যুৱকসকলক আৰক্ষীৰ দলে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে আৰক্ষীয়ে প্ৰহাৰ কৰা যুৱক সকলৰ ভিতৰত লাওগাৱঁৰ ছৈয়ব আক্তাৰ নামৰ যুৱক জনৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।

পাছত অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
Published by: Manjumoni Borah
First published: June 9, 2021, 9:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি