ট্ৰাফিক আইন ভংগ কৰা ঘটনাত বিধায়ক তেৰছ গোৱালাই দেখিলে মৌলবাদী শক্তি!

News18 Assam | News18-Assam
Updated:February 26, 2020, 4:39 PM IST
ট্ৰাফিক আইন ভংগ কৰা ঘটনাত বিধায়ক তেৰছ গোৱালাই দেখিলে মৌলবাদী শক্তি!
চানমাৰিৰ সেই ঘটনাৰ সময়ত কাষতে দীঘল দাঢ়ি থকা এজন লোক আছিল, যিজনে ‘বিজেপিৰ সকলোকে মাৰি শেষ কৰিব লাগে’ বুলি মন্তব্য কৰা বুলি মন্তব্য কৰিছে তেৰছ গোৱালাই।

চানমাৰিৰ সেই ঘটনাৰ সময়ত কাষতে দীঘল দাঢ়ি থকা এজন লোক আছিল, যিজনে ‘বিজেপিৰ সকলোকে মাৰি শেষ কৰিব লাগে’ বুলি মন্তব্য কৰা বুলি মন্তব্য কৰিছে তেৰছ গোৱালাই।

  • Share this:
মঙলবাৰে মহানগৰীৰ চানমাৰিত যান–বাহন আইন ভংগ কৰি যান–বাহন আৰক্ষীৰ লগতে একাংশ লোকৰ ৰোষত পৰা বিধায়ক তেৰছ গোৱালাৰ আশ্চৰ্যকৰ মন্তব্য। নেতাগিৰি দেখুৱাবলৈ গৈ বিপদত পৰা উক্ত ঘটনাত হেনো জড়িত আছে মৌলবাদী শক্তি। ঘটনাক লৈ আৰক্ষী আয়ুক্তক ইতিমধ্যে এখন লিখিত অভিযোগ দাখিল কৰিছে বিধায়কজনে। অভিযোগ পত্ৰত নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি উল্লেখ কৰিছে গোৱালাই। মৌলবাদীয়ে ভাবুকি দিয়াৰ কথা পত্ৰত উল্লেখ কৰিছে বিধায়কজনে। চানমাৰিৰ সেই ঘটনাৰ সময়ত কাষতে দীঘল দাঢ়ি থকা এজন লোক আছিল, যিজনে ‘বিজেপিৰ সকলোকে মাৰি শেষ কৰিব লাগে’ বুলি মন্তব্য কৰা বুলি মন্তব্য কৰিছে তেৰছ গোৱালাই।

উল্লেখযোগ্য যে মঙবাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই ‘No parking Area’ত এঘণ্টা ধৰি ৰখাই থৈছিল নিজৰ গাড়ী। আইন উলংঘা কৰাৰ বাবে ট্ৰেফিক আৰক্ষীয়ে বিধায়কৰ গাড়ীৰ চকাত লগাই দিছিল হুইল ক্লেম লক। দৰাচলতে গাড়ীখন পথৰ ওপৰত ৰখাই গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সোমাইছিল শাসকীয় দলৰ তিনি বিধায়ক ক্ৰমে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰ গগৈ আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকন। তেৰছ গোৱালা আৰু সুৰেণ ফুকন আহিছিল একেখন গাড়ীত। যিখন গাড়ী ৰখাই থোৱা হৈছিল No Parking Zoneত।



বাৰে বাৰে কোৱাৰ পিছতে বিধায়কৰ গাড়ীৰ চালকে ট্ৰেফিক আৰক্ষীৰ নিৰ্দেশ মানিবলৈ সন্মত হোৱা নাছিল বিধায়কৰ গাড়ীৰ চালকজন। আইন ভংগ কৰা গাড়ীখনৰ নম্বৰ আছিল AS 01BV0005। গাড়ীখনৰ এখন ফটো নিয়ম মতে তুলিব বিচাৰিছিল ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাই। পিছে ইয়াতেই ইগ’ত লাগিল বিধায়ক দুজনৰ। অভিযোগ মতে, গাড়ীৰ পৰা নামি দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই চোঁচা লৈছিল কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল বিষ্ণু বৰালৈ। ফটো তুলিবলৈ লোৱা ম’বাইলটো কাঢ়ি কৰ্তব্যৰত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল বিধায়কজনে। সেই সময়ত কাষতে থিয় হৈ আছিল আনজন বিধায়ক সুৰেণ ফুকন। কেৱল ইমানেই নহয় দাবী ধমকি দি সেই ঠাইৰ পৰা আঁতৰি যাব বিচাৰিছিল বিধায়ককেইজন।



ঘটনাস্থলীত এজন দুজনকৈ কেইবাজনো লোক সমবেত হোৱাৰ পিছত আৰু গাড়ীত ক্লেম ল’ক লগাই দিয়াৰ পিছত পৰিস্থিতি বিষম বুজি গাড়ীৰ ভিতৰতে সোমাই থাকিল তেৰছ গোৱালা। কিন্তু গাড়ীৰ ভিতৰৰ পৰাই বিধায়ক আৰু চালকে কৰি থাকিল তৰ্জন গৰ্জন– পৰিণতি ভয়ংকৰ হ’ব। তাৰ মাজতে ট্ৰেফিকৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ম মাফিক কাটিলে জৰিমনাৰ চালান।

ইমানৰ পিছতে কনিষ্টবল বিষ্ণু বৰাক এসেকা দিয়াৰ হুংকাৰ দিয়ে টেৰছ গোৱালাৰ চালকে। তাৎপৰ্যপূৰ্ণ যে, বিধায়কে অভব্য আচৰণ কৰা কনিষ্টবল বিষ্ণু বৰা ডিব্ৰুগড়ৰ। কিছু বছৰৰ পূৰ্বে অসম আৰক্ষীত যোগদান কৰা বিষ্ণু তিতাবৰৰ তিনি নম্বৰ অসম আৰক্ষী বেটেলিয়ানৰ জোৱান। ডেপুটেশ্বনত আহি গুৱাহাটী মহানগৰীৰ যান–বাহন শাখাত কৰ্মৰত বিষ্ণু।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি