সত্ৰৰ ভূমিৰ সীমাৰ খুঁটা উভালি পেলোৱাৰ পিছতেই আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হয়।
সত্ৰৰ ভূমিৰ সীমাৰ খুঁটা উভালি পেলোৱাৰ পিছতেই আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হয়।
বিজেপি চৰকাৰ গ'লেই হয়তো তালিবানতকৈও কঠোৰ হ'ব বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman Ali Ahmed) ৷ বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা লোকসকললৈ বিধায়ক শ্বেৰমান আলী আহমেদৰ চৰম সকীয়নি— বিজেপি চৰকাৰ গ'লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িতসকলৰ ওপৰত লোৱা হ'ব কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ ৷
উল্লেখ্য যে বৰপেটা সত্ৰৰ (Barpeta Satra) ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন ৷ এই আবেদনৰ পিছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰাৰ সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed) প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
বিধায়কগৰাকীৰ সকীয়নি— সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ চলিলেই অনাগত দিনত লোৱা হ'ব কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ ৷ ইতিমধ্যে বিধায়ক শ্বেৰমান আলী আহমেদৰ এটা উচটনিমূলক ভাষণৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই বৰপেটাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ১নং বৰদলনি গাঁৱত ৪১৩নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই ৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখমাপ কৰি মাটিৰ চাৰিওদিশে খুঁটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই ৷ আনকি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আঁতৰি যোৱাৰো জাননীও জাৰি কৰিছিল (encroachers to leave the occupied Satra land)৷ পিছে যোৱানিশা বিধায়ক শ্বেৰমান আলী আহমেদ উক্ত বেদখলকৃত ভূমিত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ অহা খুঁটি নিজ হাতে উভালি পেলায়।
বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত লোকসকলক সত্ৰৰ বেদখলকৃত ভূমিত (illegal encroachment) নিশ্চিন্তে থাকিবলৈ আহ্বান জনায় ৷ ইয়াতেই ক্ষান্ত নাথাকি বিধায়কগৰাকীয়ে সত্ৰৰ ভূমি উচ্ছেদৰ পক্ষত থকা লোকসকললৈ প্ৰদান কৰে চৰম সকীয়নি ৷ ৰাজ্যৰ এগৰাকী জনপ্ৰতিনিধি বিধায়ক শ্বেৰমান আলী আহমেদে বিজেপি চৰকাৰ যোৱাৰ পিছতেই কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ লম বুলি ভাবুকি প্ৰদান কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈয়ে বিধায়ক শ্বেৰমান আলী আহমেদে ভাষণৰ আৰম্ভণিতে কয়- 'নিজৰ ইচ্ছামতে বাঘবৰ সমষ্টিত উচ্ছেদ নহ'ব ৷ আপোনালোকে নিশ্চিন্ত থাকক ৷ যেতিয়ালৈকে মই জীয়াই আছোঁ, ইনছাআল্লা, আপোনালোক শান্তিত টোপনি মাৰক৷ আপোনালোকে মোক ভোট দিছেতো ৷ মই আগতে মৰিম, তাৰ পিছত আপোনালোকৰ কিবা ক্ষতি হ'ব ৷'
ইপিনে বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই ৷ তেওঁ বিধায়কগৰাকীক প্ৰশাসনক সহযোগ কৰাৰ বাবে আহ্বান জনায় ৷ ইপিনে ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰী কৰে ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই ৷
শেহতীয়াভাৱে বিধায়কগৰাকীয়ে সত্ৰৰ ভূমিৰ সীমাৰ খুঁটা উভালি পেলোৱাৰ পিছতেই আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কগৰাকীৰ কাৰ্য আৰু মন্তব্যৰ নিন্দা কৰে ৷ এয়া বৰপেটা সত্ৰবাসীক প্ৰদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|