NRC হ'ব জাতিধ্বংসীহে,পাপৰ ফল ভুগিব লাগিব প্ৰতীক হাজেলাইঃ শিলাদিত্য দেৱ

News18-Assam
Updated:August 5, 2019, 2:48 PM IST
NRC হ'ব জাতিধ্বংসীহে,পাপৰ ফল ভুগিব লাগিব প্ৰতীক হাজেলাইঃ শিলাদিত্য দেৱ
source-Google

ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলকলৈও প্ৰতিক্ৰিয়া হোজাইৰ বিধায়কজনৰ

  • Share this:
অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাকৱচ বুলি চিহ্নিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ পুণৰ সৰব হ’ল হোজাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ। NRC ৰ সমন্বয়ৰক্ষী বিষয়া প্ৰতীক হাজেলাক এতিয়া আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে বিজেপিৰ বিতৰ্কিত বিধায়কজনে। NRCৰ নামত প্ৰতীক হাজেলাই ৱান মেন শ্ব' চলিছে বুলি তীৰ্যক মন্তব্য কৰে বিধায়ক শিলাদিত্যই।

বিধায়ক শিলাদিত্যই কয় যে ‘NRC কৰ্তৃপক্ষই হাৰাশাস্তি কৰিছে নাগৰিকক । কি যুক্তিত তথ্য সংগ্ৰহ পুনৰীক্ষণ এঠাইত আৰু শুনানী এঠাইত হৈছে বুলিও প্ৰশ্ন কৰে বিধায়ক শিলাদিত্যই। এনেদৰে ভুলৰ মাজেৰে NRC হ'লে জাতিৰ দলিল হোৱাৰ সলনি NRC হ'ব জাতিধ্বংসীহে, ফলত পাপৰ ফল প্ৰতীক হাজেলাই ভূগিব লাগিব বুলি মন্তব্য কৰে শিলাদিত্য দেৱে।

সেইদৰে দেওবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জম্মু–কাশ্মীৰৰ বাবে প্ৰযোজ্য ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ যি প্ৰস্তাৱ উত্থাপন কৰিছে, সেই সম্পৰ্কতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক শিলাদিত্যই। জন্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ৩৫(A) প্ৰত্যাহা কৰা বিজেপিৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰাৰ লগতে ৩৭০ অনুচ্ছেদ আৰু ৩৫(A) প্ৰত্যাহাৰৰ ফলত এতিয়া কাশ্মীৰি পণ্ডিত সকলে উশাহ ল'ব পাৰিব বুলিও তৎপৰ্যপূৰ্ণ মন্তব্য কৰে হোজাই সমষ্টিৰ বিধায়কজনে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি