এসপ্তাহ বিচাৰিছে মই অপেক্ষা কৰিম, দৰ–দাম কৰিবলৈ অৱসৰৰ কথা কোৱা নাই মই – ক’লে বিধায়ক শিলাদিত্য দেৱে

News18 Assam | News18-Assam
Updated:July 14, 2020, 11:02 PM IST
এসপ্তাহ বিচাৰিছে মই অপেক্ষা কৰিম, দৰ–দাম কৰিবলৈ অৱসৰৰ কথা কোৱা নাই মই – ক’লে বিধায়ক শিলাদিত্য দেৱে
বিজেপিৰ বিধায়কজনে কয় যে এতিয়া মাত মাতিলেই বেয়া হয়। এতিয়া কোনে শুনিব আমাৰ কথা, কাৰ তাত যাম?

বিজেপিৰ বিধায়কজনে কয় যে এতিয়া মাত মাতিলেই বেয়া হয়। এতিয়া কোনে শুনিব আমাৰ কথা, কাৰ তাত যাম?

  • Share this:
অৱসৰৰ দিন এসপ্তাহ পিছুৱালে বিধায়ক শিলাদিত্য দেৱে। গুৱাহাটীৰ পৰা আজি  হোজাইৰ জোৰাপুখুৰীৰ বাসগৃহত উপস্থিত হৈ বিধায়কজনে ঘোষণা কৰে এই কথা। বিধায়কজনে সংবাদ মেলতো ঘটালে কেতবোৰ বিস্ফোৰণ। তেওঁ কলে – পদত্যাগ নহয়, অৱসৰৰ কথাহে কৈছিলো। বেলেগ দলত যাম বুলিও কোৱা নাছিলো। এসপ্তাহ ধৈৰ্য ধৰিবলৈ কেন্দ্ৰীয়  সাংগঠনিক সম্পাদকে কোৱাৰ বাবে অৱসৰ লোৱাৰ সিদ্ধান্ত এসপ্তাহৰ বাবে স্থগিত ৰাখিছো।

‘কবিন্দ্ৰ পুৰকায়স্থ, ৰাজেন গোহাঁই, ৰমেন ডেকা আৰু বহু বিধায়কে ফোন কৰিছিল।বিজেপিৰ পূৰ্বৰ নীতি সলনি হোৱাত দুখ পাইছো। দাম–দৰ কৰিবলৈ অৱসৰৰ কথা কোৱা নাই মই।’ – ক’লে বিধায়কজনে।

এক কোটি বাংলাদেশীৰ নাম এন আৰ চিত সোমাল। সেইসকলক উলিয়াই দিব নোৱাৰিলো। এইবোৰ লৈ কোনেও চৰ্চা নকৰে। চিলাপথাৰ কাণ্ড চৰকাৰে ৰাজহুৱা কৰা নাই। অৱসৰ ল’ম বুলি কোৱাত ৰাজ্যিক নেতৃত্বৰ কোনেও ফোন কৰা নাই বুলিও ক’লে শিলাদিত্য দেৱে। হিমন্ত বিশ্ব শৰ্মা,সৰ্বানন্দ সোণোৱালক ফোন কৰিছো কিন্তু একো বিবেচনা নহ’ল। হিমন্তক লগ পাইছো, বিবেচনা কৰা হ’ব বুলি কৈছে। ক’লে হোজাইৰ বিধায়কজনে।

বিজেপিৰ বিধায়কজনে কয় যে এতিয়া মাত মাতিলেই বেয়া হয়। এতিয়া কোনে শুনিব আমাৰ কথা, কাৰ তাত যাম? ডাঙৰ মানুহে ভুল কৰিলে একো নহয়। কিন্তু আমি ভুল কৰিব নোৱাৰো, মাত মাতিব নোৱাৰো। কিন্তু মই আগৰ দৰেই মাত মাতিম। গোটেই অসমৰ পৰা ফোন কৰি কৈছে দল ত্যাগ নকৰিব বুলি। এজন দুজন মানুহৰ ছিণ্ডিকেটৰ বাবে বিজেপি ধ্বংস হ’ব নিদিওঁ। এসপ্তাহ বিচাৰিছে মই অপেক্ষা কৰিম।

সংবাদ মাধ্যমৰ আগত শিলাদিত্য দেৱে কয় – যিজনে সিদ্ধান্ত ল’ব পাৰে তেওঁক পঠিয়াওক।যাকে তাকে হোজাইলৈ পঠিয়াই লাভ নাই। পাৰ্টীৰ সকলো কাৰ্যকৰ্তাই জানে মোনা লোৱাজন কোন। গতিকে মই এসপ্তাহ ৰ’ম। দিল্লীৰ পৰা ফোন কৰি কৈছে কথা পাতিম বুলি।এসপ্তাহত দলীয় একো কাম নকৰো। দলীয় বেনাৰত একো বক্তব্য নাৰাখিম। জিলা সমিতি শুধৰণি হ’ব লাগে।
Published by: Sanjay Kumar Das
First published: July 14, 2020, 11:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading