বিজেপি ত্যাগ কৰিব হোজাইৰ বিধায়ক শিলাদিত্য দেৱে! ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ

News18 Assam | News18-Assam
Updated:July 12, 2020, 3:41 PM IST
বিজেপি ত্যাগ কৰিব হোজাইৰ বিধায়ক শিলাদিত্য দেৱে! ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ
ইফালে ২০২১ৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি বিধায়কগৰাকীয়ে দল ত্যাগ কৰিবলৈ ওলোৱা খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষ তাত্‍পৰ্যবহন কৰিছে।

ইফালে ২০২১ৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি বিধায়কগৰাকীয়ে দল ত্যাগ কৰিবলৈ ওলোৱা খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষ তাত্‍পৰ্যবহন কৰিছে।

  • Share this:
বিজেপি ত্যাগ কৰিব হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাস আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দলৰ বহু কেইটা বিষয়ত অসন্তুষ্ট আছিল বিধায়কগৰাকী। শেহতীয়াকৈ হোজাই জিলা পৰিষদৰ কিছু খেলিমেলিত দলে বিধায়ক গৰাকীয়ে বিচৰা ধৰণে সিদ্ধান্ত নোলোৱাত তীব্ৰ অসন্তুষ্টি  প্ৰকাশ কৰিছিল বিধায়ক শিলাদিত্য দেৱে।

ইফালে ২০২১ৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি বিধায়কগৰাকীয়ে দল ত্যাগ কৰিবলৈ ওলোৱা খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষ তাত্‍পৰ্যবহন কৰিছে। এতিয়া শিলাদিত্য দেৱৰ পদত্যাগ পত্ৰ ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিবনে নাই, সেয়া হ’ব লক্ষণীয়।
Published by: Himangshu Bhuyan
First published: July 12, 2020, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading