মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘আছু আৰু কংগ্ৰেছৰ মাজত আছে গোপন মিতিৰালি, অসমৰ উন্নয়ন নিবিচৰে আছুৱে’

‘আছু আৰু কংগ্ৰেছৰ মাজত আছে গোপন মিতিৰালি, অসমৰ উন্নয়ন নিবিচৰে আছুৱে’

News18-Assam
Updated:September 7, 2019, 12:13 PM IST
‘আছু আৰু কংগ্ৰেছৰ মাজত আছে গোপন মিতিৰালি, অসমৰ উন্নয়ন নিবিচৰে আছুৱে’
আছুক কঠোৰ ভাষাৰে সমালোচনা শিলাদিত্য দেৱৰ, আছুৱে ‘Aadhaar’ কিয় হ’বলৈ নিদিয়ে বুলি কৰে প্ৰশ্ন!

আছুক কঠোৰ ভাষাৰে সমালোচনা শিলাদিত্য দেৱৰ, আছুৱে ‘Aadhaar’ কিয় হ’বলৈ নিদিয়ে বুলি কৰে প্ৰশ্ন!

  • News18 Assam
  • Last Updated: September 7, 2019, 12:13 PM IST
  • Share this:
বিপুল বৰ্মন: সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম ছাত্ৰ সন্থাক কঠোৰ ভাষাৰে সমালোচনা কৰে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। কংগ্ৰেছৰ সৈতে আছুৰ গোপন মিতিৰালি আছে বুলি অভিযোগ কৰে শিলাদিত্য দেৱে। আছুৱে আধাৰ কিয় হব নিদিয়ে বুলিও প্ৰশ্ন কৰে শাসকীয় বিধায়ক গৰাকীয়ে।

আছুয়ে অসমত উন্নয়নমূলক কাম হ’ব নিদিয়ে বুলি গুৰুতৰ অভিযোগ কৰে হোজাই সমষ্টিৰ বিধায়কগৰাকীয়ে।NRC ক লৈও পুনৰবাৰ সৰৱ হল বিজেপি বিধায়ক শিলাদিত্য দেৱ। দিশপুৰৰ বিধায়ক আৱাসগৃহত সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচি সন্দৰ্ভত বহু কথা কলে শিলাদিত্য দেৱে।  ৩১ আগষ্টত প্ৰকাশ পোৱা NRC খনক National Population Registered নামেৰে নামাংকৃত কৰিব লাগে বুলি তাচ্ছিল্লসূচক মন্তব্য কৰে শিলাদিত্যই।

১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে ২০২০ চনত অসমতো পুনৰ NRC প্ৰস্তুত হব লাগে বুলি কয় হোজাইৰ জনপ্ৰতিনিধি গৰাকীয়ে। প্ৰতীক হাজেলা অসমৰ বাবে জাতিদ্ৰোহী বুলি কয় শিলাদিত্য দেৱে।
First published: September 7, 2019, 12:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি