
সভাপতি ৰণজিত দাসে ফোন ৰিচিভ কৰিলে কোভিড হ’ব পাৰে বুলি মোৰ ফোন ধৰা নাই৷
সভাপতি ৰণজিত দাসে ফোন ৰিচিভ কৰিলে কোভিড হ’ব পাৰে বুলি মোৰ ফোন ধৰা নাই৷
কান্ধত মোনা লোৱা নেতাৰ বিৰুদ্ধে পুনৰ সৰৱ বিধায়ক শিলাদিত্য দেৱ৷ মোনা লোৱা ব্যক্তিৰ বাবেই বিজেপিত একাংশ পুৰণি নেতা এলাগি হৈছে বুলি মন্তব্য বিধায়কজনৰ৷ মোনা ধৰা শীৰ্ষ বিজেপি নেতাজনেই বিজেপিত আনিছে বিভাজন।
পুনৰ শিলাদিত্য দেৱে ক’লে – মই দলৰ পৰা পদত্যাগ কৰিম বুলি কোৱা নাছিলো৷ অব্যাহতি লোৱাৰ কথাহে কৈছিলো। কেন্দ্ৰীয় নেতৃত্বই অপেক্ষা কৰিব কোৱাৰ বাবে মই এসপ্তাহ অপেক্ষা কৰিছো৷ মই পুৰ্বৰ স্থিতিত অটল আছো৷ কেন্দ্ৰীয় নেতৃত্বক মোনা লোৱা ব্যক্তিৰ বিৰুদ্ধে লিখিত অভিযোগ দিছো৷ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব পৰা নাই৷ সভাপতি ৰণজিত দাসে ফোন ৰিচিভ কৰিলে কোভিড হ’ব পাৰে বুলি মোৰ ফোন ধৰা নাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|