মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অশোভনীয় আহ্বান জনোৱা বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। আজমলে মুখ্যমন্ত্ৰীৰ লগতে হিন্দু সম্প্ৰদায় আৰু পৰোক্ষভাৱে মুছলমান নাৰী সমাজত কৰা অপমানৰ বাবে ইতিমধ্যে ক্ষমা খুজিছে যদিও প্ৰতিক্ৰিয়া এতিয়াও অন্ত পৰা নাই।
আজমলক সুৰক্ষা দি শ্বেৰমান আলিৰ মন্তব্য- ''ফেচবুকীয়া মুছলমান বুদ্ধিজীৱীয়ে আজমলৰ ধ্বংস বিচাৰে। কিন্তু সেইসকল বুদ্ধিজীৱীয়ে নুবুজে ৰিয়েল গ্ৰাউণ্ড জিৰ'। আজমল শক্তিশালী হ'ব লাগিব, যাতে ভৱিষ্যতে কংগ্ৰেছ প্ৰেচাৰত থাকে।''
এসময়ৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে লগতে কংগ্ৰেছক নাকত ধৰি চাকত ঘূৰাব লাগিব বুলিও মন্তব্য কৰে। শ্বেৰমান আলীয়ে এইদৰে সমালোচনাৰ পৰিৱৰ্তে সুৰক্ষা দিবলৈ গৈ কয়- ''মাথোঁ আজমল নহয়, বহু হিন্দু ৰাজনৈতিক নেতাই মুছলমান মহিলাক জন্ম দিয়া মেচিন আখ্যা দিছে। তেনে ৰাজনৈতিক নেতাক আক্ৰমণ কৰাৰ পৰিৱৰ্তে আজমলৰ হেঁচা দি ধৰিছে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|