বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰস্তাৱ আহিছে শ্বহীদৰ প্ৰতি অপমানজনক মন্তব্য কৰি জে’লৰ ভাত খাবলগীয়া হোৱা বিধায়ক শ্বেৰমান আলীলৈ। এ আই ইউ ডি এফৰ পৰা আহিছে প্ৰস্তাৱ। কেৱল এ আই ইউ ডি এফেই নহয়, কেইবাটাও ৰাজনৈতিক দলৰ পৰা প্ৰস্তাৱ আহিছে শ্বেৰমান আলী আহমেদলৈ। এই কথা নিজেই প্ৰকাশ কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়কজনে।
সংবাদ মাধ্যমৰ আগত শ্বেৰমান আলীয়ে কয়, ‘মোক AIUDF–এ প্ৰস্তাৱ দিছে। অকল AIUDF–এ নহয়, কেইবাটাও ৰাজনৈতিক দলে মোৰ সৈতে যোগাযোগ কৰিছে। কিন্তু মই কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। কাৰণ মোক কংগ্ৰেছ দলে নিলম্বনহে কৰিছে। মই ৰাজ্যিক হাই কমাণ্ডৰ সৈতে বহিম।’’
জে’ললৈ যাবলগীয়া হওঁতেও শ্বেৰমান আলীয়ে সিমান দুখ পোৱা নাছিল শ্বেৰমান আলীয়ে, যিমান দুখ পাইছে কংগ্ৰেছ দলৰ এটা কথাত। সেই সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, ‘‘মই জে’ললৈ যাওঁতেও সিমান দুখ পোৱা নাছিলো। কিন্তু কংগ্ৰেছ দলে মোক হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কওঁতে বহুত বেছি দুখ পাইছো। কিন্তু মই সদায় সত্যৰ পক্ষত থাকিম। I will fight for justice।’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|