অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।
অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।
অৱশেষত জামিন লাভ কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে। অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দিয়া শ্বেৰমান আলীয়ে সোমবাৰে গীতানগৰ থানাৰ গোচৰত জামিন লাভ কৰে। কামৰূপ চি জে এম আদালতে জামিন প্ৰদান কৰিলে বিধায়ক শ্বেৰমানক। আৰু ইয়াৰ লগে লগে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল শ্বেৰমান আলীৰ।
পূৰ্বে ২টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে। আৰু আজি পুনৰ আনটো গোচৰত জামিন লাভ কৰাৰ পিছত শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি।
উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।
মহানগৰ আৰক্ষীয়ে দিছপুৰৰ চৰকাৰী অৱাসৰ পৰাই গ্ৰেপ্তাৰ কিৰিছিল শ্বেৰমানক।
পূৰ্বে মিঞা লুঙী আৰু মিঞা মিউজিয়াৰ পক্ষত ওকলতি কৰি অসমবাসীৰ ককৰ্থনাৰ সন্মুখীন হৈছিল বিতৰ্কিত বিধায়কজন।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|