এটাৰ পিছত আনটো বিস্ফোৰক মন্তব্য জে'ল ফেৰৎ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ (Congress MLA Sherman Ali) ৷ অসম আন্দোলনৰ শ্বহীদক অপমান কৰি জে'ললৈ যাবলগীয়া হোৱা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে বুধবাৰে তুলিলে প্ৰদেশ কংগ্ৰেছৰ দুজন নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ । শ্বেৰমানৰ দাবী- “AICCক দুজনমান নেতাই দিছিল শ্বেৰমানৰ বিৰুদ্ধে অভিযোগ ৷ এই নেতাৰ বিৰুদ্ধে ব্যৱস্থা লওক ৷”
তেওঁৰ মতে, দলত আছে 'হয় হুজুৰ' কৰা নেতা ৷ ক্ষুব্ধ শ্বেৰমানৰ দাবী- “দলত আছে ভৰি চেলেকা নেতা ৷ ভৰি চেলেকা নেতাৰ কথা শুনিলে দলৰ অৱস্থা বেয়া হ'ব ৷”
বিগত বিধানসভাত চৰ-চাপৰি আৰু সংখ্যালঘুৰ জনসংখ্যা বিষয়ক বিধেয়ক উত্থাপন কৰাৰ বাবেই দলীয় নেতাৰ আক্ৰোশৰ বলি হ'ল হেনো শ্বেৰমান ৷ এতিয়া শ্বেৰমানৰ দাবী- “AICCক অভিযোগ দিয়া নেতাৰ বিৰুদ্ধে ব্যৱস্থা লওক ৷ কাপুৰুষ নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'লেহে বিধেয়ক প্ৰত্যাহাৰ কৰিম ৷”
শ্বেৰমান আলী আহমেদ ইমানতেই শান্ত নাথাকিল ৷ দলীয় নেতাৰ (Congress leaders) বিৰুদ্ধে পুনৰ ক'লে- “নিজে একো কৰিব নোৱাৰে, বেলেগে কৰিলে জ্বলে তেওঁলোক ৷ তেওঁলোকৰ মূৰত একো নাই ৷ এইসকল ভৰি চেলেকা, গোলামৰ বিৰুদ্ধে দলে ব্যৱস্থা লওক ৷ নহ'লে দল আৰু ডুবিব৷”
এনেদৰেই নিজৰ মনত পঞ্জীভুত হৈ থকা ক্ষোভ বুধবাৰে অসম বিধানসভাৰ (Assam Assembly) চৌহদত সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিলে শ্বেৰমান আলী আহমেদে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|