• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা, চলি আছে অবাধ দুৰ্নীতি : শ্বেৰমান

Sherman Ali : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা, চলি আছে অবাধ দুৰ্নীতি : শ্বেৰমান

জে’লৰ ভিতৰৰ অভিজ্ঞতা ব্যাখ্যা কৰি কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে ক'লে- “আচৰিত কথা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰোগীক কয়দীয়ে দিয়ে বেজী৷”

  • Share this:
জে’লৰ পৰা ওলাই এইবাৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে উদঙালে জে’লৰ ভিতৰত চলি থকা অবাধ দুৰ্নীতিৰ কথা৷ সোমবাৰে বিধায়ক শ্বেৰমানে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জে’ল অধীক্ষকৰ নেতৃত্বত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ লগতে জে’লৰ ভিতৰত ৰোগীক কয়দীয়ে বেজি দিয়াৰ দৰে স্পৰ্শকাতৰ বিষয় এটাও উদঙাই দিয়ে৷

অসম আন্দোলনৰ ছহিদ সন্দৰ্ভত বিৰ্তকিত মন্তব্য কৰি জে’ললৈ যাবলগীয়া হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক শ্বেৰমান আলী আহমেদ৷ আদালতে জামিন মঞ্জুৰ কৰাত কেইদিনমান পূৰ্বে মুকলি আকাশৰ তললৈ আহিল বিধায়ক শ্বেৰমান৷ জে’লফেৰৎ বিধায়ক শ্বেৰমানে সোমবাৰে দিছপুৰৰ বিধায়ক আৱাসত তুলিলে জে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ৷

বিধায়ক শ্বেৰমানে সাংবাদিকৰে হোৱা বাৰ্তালাপত সোমবাৰে ক'লে- “কাৰাগাৰ মহাপৰিদৰ্শক আৰু কাৰাগাৰ অধীক্ষকে কৰি আছে যথেষ্ট দুৰ্নীতি৷ অধীক্ষক বৈশ্যই লাখ লাখ টকাৰ দুৰ্নীতি কৰিছে৷ জে’লত চলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়৷”

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক বৈশ্য সাংঘাতিক দুৰ্নীতিগ্ৰস্ত বুলি দাবী কৰে বিধায়ক শ্বেৰমানে৷ শ্বেৰমানৰ দাবী- “কাৰাগাৰৰ মহাপৰিদৰ্শকজন অপদাৰ্থ৷ হাজোতী আৰু কয়দীৰ সৈতে কথাই নাপাতে মহাপৰিদৰ্শকে৷”

জে’লৰ ভিতৰৰ অভিজ্ঞতা ব্যাখ্যা কৰি কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে ক'লে- “আচৰিত কথা, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰোগীক কয়দীয়ে দিয়ে বেজী৷”

জে’লৰ ভিতৰৰ দুৰাৱস্থাৰ কথা উনুকিয়াই জে’লফেৰৎ বিধায়ক শ্বেৰমানে ক'লে- “২৫জন থাকিব পৰা কোঠাত ৰখোৱা হয় শতাধিক জনক৷ শৌচাগাৰৰ অৱস্থাও তথৈবচ৷ একোটা ভঙা–ছিঙা শৌচাগাৰতে শতাধিক হাজোতী-কয়দীয়ে ব্যৱহাৰ কৰে৷ খোৱা পানীৰ সাংঘাতিক অভাৱ৷”

জে’লৰ দুৰাৱস্থাৰ বিষয়ত সৰৱ হৈ বিধায়ক শ্বেৰমানে অহা পাঁচ বছৰত জে’লৰ আন্তঃগাঁথনি আৰু ব্যৱস্থা উন্নত কৰাৰ বাবে কাম কৰিব বুলি সদৰি কৰে সোমবাৰে৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: