• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali Suspended : বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন প্ৰদেশ কংগ্ৰেছৰ

Sherman Ali Suspended : বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন প্ৰদেশ কংগ্ৰেছৰ

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ।

  • Share this:
বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰিলে প্ৰদেশ কংগ্ৰেছে। শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত শনিবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাঘবৰৰ বিধায়কজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ। তাৰ পিছতে আজি প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰে বিধায়কজনক।

উল্লেখযোগ্য যে ২০১১ চনত এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে বাঘবৰৰ পৰা নিৰ্বাচিত হৈছিল শ্বেৰমান আলী। ২০১৬ চনত কংগ্ৰেছৰ টিকটত বাঘবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল বিধায়ক হিচাপে। ২০২১ চনত কংগ্ৰেছৰ টিকটত পুনৰ বাঘবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। আজি কংগ্ৰেছৰ পৰা নিলম্বিত হ’ল শ্বেৰমান আলী আহমেদ।
Published by:Sanjay Kumar Das
First published: