• Home
  • »
  • News
  • »
  • assam
  • »
  • 'অসমত ৰোহিংগীয়াক ঠাই দিবলৈ বিধানসভাত দাবী জনোৱা শ্বেৰমান, আব্দুল খালেকৰ মুখত অসমৰ ভাল কথা কল্পনাই কৰিব নোৱাৰি'- মন্তব্য কৰিলে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে

'অসমত ৰোহিংগীয়াক ঠাই দিবলৈ বিধানসভাত দাবী জনোৱা শ্বেৰমান, আব্দুল খালেকৰ মুখত অসমৰ ভাল কথা কল্পনাই কৰিব নোৱাৰি'- মন্তব্য কৰিলে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে

বিজেপি দলে এনে অপশক্তিক কোনোদিনে প্ৰশ্ৰয় নিদিয়ে বুলিও উল্লেখ কৰে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীগৰাকীয়ে।

বিজেপি দলে এনে অপশক্তিক কোনোদিনে প্ৰশ্ৰয় নিদিয়ে বুলিও উল্লেখ কৰে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীগৰাকীয়ে।

বিজেপি দলে এনে অপশক্তিক কোনোদিনে প্ৰশ্ৰয় নিদিয়ে বুলিও উল্লেখ কৰে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীগৰাকীয়ে।

  • Share this:
শুকুৰবাৰে জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক কলেজত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লোৱাৰ পিছত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে সংবাদ মাধ্যমৰ আগত বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীগৰাকীৰ মতে, শ্বেৰমান আলী আৰু আব্দুল খালেক হ'ল বিধানসভাত ৰোহিংগীয়াক অসমত ঠাই দিয়াৰ দাবী জনোৱা ব্যক্তি। ৰোহিংগীয়াক অসমত ঠাই নিদিলে আত্মহত্যাৰ হুংকাৰ দিয়া মানুহ তেওঁলোক। গতিকে তেওঁলোকৰ মুখত অসমৰ ভাল কথা কল্পনাই কৰিব নোৱাৰি। কংগ্ৰেছৰ শাসনৰ দিনতেই অসমত ৮৫৫ গৰাকীকৈ লোক শ্বহীদ হৈছিল বুলি প্ৰকাশ কৰি উপাধ্যক্ষগৰাকীগৰাকীয়ে তেওঁলোকৰ পৰা শ্বহীদলৈ সন্মান আশা কৰাটোৱেই ভুল বুলি ব্যক্ত কৰে। শ্বেৰমান আলীহতে পাৰে মানে আৰু শ্বহীদ কৰাৰ চিন্তাধাৰাতহে থাকিব পাৰে বুলিও মন্তব্য কৰে ডাঃ মমিনে।

ডাঃ মমিনে লগতে কয় যে, 'তেখেতৰ মতে তেওঁলোকৰ পৰা আজিলৈকে একো ভাল কথা দেখা নাই। তেওঁলোক হ'ল শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী কৰা মানুহ। এইবোৰেই তেওঁলোক অসমক ইছলামিক ষ্টেটলৈ ৰূপান্তৰ কৰাৰ ব্লু প্ৰিন্ট ৰচাৰ এটা উদাহৰণ।'

ডাঃ মমিনৰ মতে শ্বেৰমান আলীহতে নিজকে অসমৰ ব্যক্তি বুলি চিন্তাই নকৰে। কিন্তু অসমৰ ৰাইজ এতিয়া সম্পূৰ্ণৰূপে সজাগ হৈছে। বিজেপি দল চৰকাৰত থকালৈকে এনে অপশক্তিক মষিমূৰ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰকাশ ডাঃ মোমিনৰ। বিজেপি দলে এনে অপশক্তিক কোনোদিনে প্ৰশ্ৰয় নিদিয়ে বুলিও উল্লেখ কৰে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: