মুখ্যপৃষ্ঠা »খবৰ »অসম »MLA Sashikanta Das : ৰহাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ, বিধায়ক শশীকান্ত দাসো হাতী খেদিবলৈ নামিল পথাৰত

MLA Sashikanta Das : ৰহাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ, বিধায়ক শশীকান্ত দাসো হাতী খেদিবলৈ নামিল পথাৰত

বন্যহস্তীৰ মুক্ত বিচৰণে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিধায়কগৰাকীৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে ৰাইজে।

বন্যহস্তীৰ মুক্ত বিচৰণে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিধায়কগৰাকীৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে ৰাইজে।

  • Share this:

ৰহাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। শুক্ৰবাৰে নিশা ৰহাৰ দক্ষিণ পেটবঢ়া আদিত শতাধিক হাতীৰ এটা জাকে উপদ্ৰৱ চলোৱাৰ পিছত দিনৰ ভাগত পথাৰৰ ঘন বিৰিণাৰ মাজত আশ্ৰয় লৈ আছিল। কিন্তু শনিবাৰে নিশা হোৱাৰ লগে লগে আগ্ৰাসী হাতীৰ জাকটোৱে দক্ষিণ পেটবঢ়া আদি অঞ্চললৈ আহে আৰু এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।


বন্যহস্তীৰ আগ্ৰাসনত ভীতিগ্ৰস্ত হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। ৰাইজে ভয়ত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। স্থানীয় ৰাইজ তথা সমষ্টিবাসীক সুৰক্ষা দিবলৈ নিশাই বনৰীয়া হাতী খেদিবলৈ পথাৰত নামিল ৰহাৰ বিধায়ক শশীকান্ত দাস।


স্থানীয় আৰক্ষী আৰু বন বিভাগক লগত লৈ নিশা ঘন কুঁৱলী ফালি ঘটনাস্থলীত উপস্থিত থাকি গাঁওবাসীক সুৰক্ষা দিবলৈ বৃহত্‍ হাতীৰ দলটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰে। মাজনিশালৈকৈ হাতী খেদাত ব্যস্ত থাকে বিধায়ক বন বিভাগ। নিশা হাতীৰ জাকটো ছেদেলি-ভেদেলি হৈ পৰাত সম্পূৰ্ণকৈ খেদি পঠিয়াবলৈ সক্ষম নহ'ল হাতীৰ জাকটো। উল্লেখ্য, বন্যহস্তীৰ মুক্ত বিচৰণে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিধায়কগৰাকীৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে ৰাইজে।

শেহতীয়া বাতৰি