বিধায়ক ৰূপজ্যোতি কুৰ্মী! প্ৰাক্তন কংগ্ৰেছী তথা মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীকলৈ মাজে সময়ে চলি থাকে চৰ্চা। এইবাৰ ছচিয়েল মিডিয়াত বিশেষ ভাবে চৰ্চিত হৈ পৰিছে বিধায়গৰাকী। ৰূপজ্যোতি কুৰ্মীয়ে ছচিয়েল মিডিয়াত এটা ভিডিও আপলোড কৰিছে। ভিডিওটোত ৰূপজ্যোতিয়ে বাচন ধুই থকা দেখিবলৈ পোৱা গৈছে। আনকি কৰিবলগীয়া ঘৰুৱা আন বহু সৰু বৰ কাম। পিছে হঠাত্ কিয় ৰূপজ্যোতি এনেদৰে ব্যস্ত হৈ পৰিল ঘৰুৱা কাম-কাজত?
ইয়াৰ আঁৰত আছে বিশেষ কাৰণ। ৰূপজ্যোতিয়ে জনোৱা মতে, তেওঁৰ পত্নীয়ে হাতত আঘাত পালে। গতিকে পত্নীক কামত সহায় কৰি এনেদৰে বাচন ধোৱলগীয়া হৈছে বিধায়কজনে। ভিডিওটোৰ জৰিয়তে মাতৃ, পত্নীক ঘৰুৱা কামত সহায় কৰিবলৈ সকলো পুৰুষকে আহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে।
ফেচবুকত ভিডিও শ্বেয়াৰ কৰি ৰূপজ্যোতি কুৰ্মীয়ে লিখিছে যে, 'আমাৰ ঘৰৰ আৰু সমাজৰ মহিলা সকলক মানসিক সুৰক্ষা আৰু দৈহিক সুৰক্ষা প্ৰদান কৰাটো আমাৰ পুৰুষ সকলৰ কৰ্তব্য। এগৰাকী মহিলাই ৰাতিপুৱা চাহকাপ বনোৱাৰ পৰা ৰাতিৰ সাজলৈ কিমান যে কষ্ট কৰিবলগীয়া হয়। সেয়া একমাত্ৰ ঘৰখনৰ মহিলা সকলেহে অনুভৱ কৰে। আহাৰ বনোৱাৰ পৰা, বাচন-বৰ্তন ধোৱা, ঘৰ পৰিষ্কাৰ কৰা, ল'ৰা-ছোৱালী আৰু সমগ্ৰ পৰিয়ালৰ যত্ন লোৱাটো ইমান সহজ কথা নহয়। আজি মোৰ পত্নীৰ হাতত আঘাত পোৱাৰ পিছত, যেতিয়া মই নিজে বাচন ধোৱ লগীয়া হ'ল, এই অভিজ্ঞতা অনুভৱ কৰিলো। ইয়াৰ যোগেদি মই আমাৰ প্ৰতিজন পুৰুষকে অতি কমেও সপ্তাহত এবাৰ ঘৰৰ মহিলা সকলৰ কাম-কাজত সহায় আগবঢ়াবলৈ আহ্বান জনালো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|