உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুমীক, হাইকামাণ্ডলৈ প্ৰেৰণ কৰিলে পত্ৰ

    প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুমীক, হাইকামাণ্ডলৈ প্ৰেৰণ কৰিলে পত্ৰ

    নিখিল ভাৰত কংগ্ৰেছ সমিতিলৈ লিখিত পত্ৰ প্ৰেৰণ ৰুপজ্যোতি কূমীৰ

    নিখিল ভাৰত কংগ্ৰেছ সমিতিলৈ লিখিত পত্ৰ প্ৰেৰণ ৰুপজ্যোতি কূমীৰ

    নিখিল ভাৰত কংগ্ৰেছ সমিতিলৈ লিখিত পত্ৰ প্ৰেৰণ ৰুপজ্যোতি কূমীৰ

    • Share this:
    এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতি পদ বিচাৰিছে মৰিয়নী সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ৷ একেৰাহে চতুর্থবাৰৰ বাবে মৰিয়নী সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ অহা কুর্মীয়ে নিজকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰি এই সংক্রান্তত নিখিল ভাৰত কংগ্রেছ কমিটীলৈ লিখিতভাৱে আবেদনো কৰিছে।

    শুকুৰবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কুর্মীয়ে কয় যে, 'দলে তেওঁক কংগ্রেছ বিধায়িনী দলৰ যি সচিব পদ প্রদান কৰিছিল, সেয়া তেওঁ ত্যাগ কৰিছে ৷ বিধানসভালৈ প্রথমবাৰৰ বাবে নির্বাচিত হৈ অহা দলৰ মহিলা প্রতিনিধি শিৱামণি বৰা, যুৱপ্রজন্মৰ নেতা প্রদীপ সৰকাৰ, চিকিৎসক ডাঃ আচিফ ইছলামৰ মাজৰ পৰা কোনো এজনক বিধায়িনী দলৰ সচিব পদ দিলে ভাল হয় ৷'

    ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে,'মই মৰিয়নী সমষ্টিৰ পৰা চতুর্থবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হৈ আহিছো আৰু এইবাৰ চাহ জনগোষ্ঠী আদিবাসী সম্প্রদায়ৰ তেৱেঁই একমাত্র প্রতিনিধি। গতিকে বর্তমান খালী হৈ থকা প্রদেশ কংগ্রেছৰ সভাপতি পদত মোক অধিষ্ঠিত কৰাৰ বাবে এ আই চি চিৰ নেতৃত্বক অনুৰোধ জনাইছো ৷

    কুৰ্মীয়ে আৰু কয় যে, 'দলৰ জ্যেষ্ঠ নেতা দেৱব্রত শইকীয়াক বিৰোধী দলপতি, ৰকিবুল হুছেইনক উপ–দলপতি, ৱাজেদ আলী চৌধুৰীক হুইপ, ৰেকিবুদ্দিন আহমেদ, কমলাক্ষ দে’ পুৰকায়স্থ, সুশান্ত বৰগোহাঁইক বিভিন্ন দায়িত্ব দিয়া হৈছে ৷ সাংসদ গৌৰৱ গগৈক এ আই চি চিৰ সাধাৰণ সম্পাদক হিচাপে ২/৩খন ৰাজ্যৰ দায়িত্ব, সাংসদ প্রদ্যুৎ বৰদলৈক AICCৰ সম্পাদক হিচাপে এখন ৰাজ্যৰ দায়িত্ব দিছে৷  যিহেতু এতিয়াও মোৰ হাতত কোনো দলীয় দায়িত্বত নাই আৰু প্রদেশ কংগ্রেছৰ সভাপতি পদটো খালী আছে, সেয়েহে মোক এই দায়িত্ব দিয়াকলৈ বিবেচনা কৰিব পাৰে।'
    Published by:Himangshu Bhuyan
    First published: