মহাৰাষ্ট্ৰৰ বিধায়কে অসমৰ মানুহে কুকুৰক খাদ্য ৰূপে গ্ৰহণ কৰা বুলি বিধানসভাত আগবঢ়োৱা মন্তব্যত খৰ্গহস্ত হৈ পৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মহাৰাষ্ট্ৰৰ বিধায়ক তথা প্ৰহৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বচ্চু কাডুৱে কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় হিচাপে পথৰ কুকুৰবোৰক অসমলৈ প্ৰেৰণ কৰা উচিত বুলি মন্তব্য কৰি কৈছিল যে অসমৰ মানুহে কুকুৰ খায়।
এই মন্তব্য আগবঢ়াই অসমবাসীক অপমান কৰাৰ লগতে সমগ্ৰ দেশতে অসমৰ জনসাধাৰণৰ এখন বিৰূপ ছবি দাঙি ধৰা মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীক কুকুৰ আখ্যা দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ স্বাভিমান , অসমীয়া মানুহৰ সন্মানত আঘাত হনা মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা হাতত ল'বলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিধায়কগৰাকীয়ে।
আনহাতে, মহাৰাষ্ট্ৰৰ বিধায়কৰ এই বিৰূপ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাইও। এই মন্তব্য গৰিহণা তথা ধিক্কাৰযোগ্য বুলি কয় সাংসদগৰাকীয়ে। মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি সাংসদ তাছাই মত ব্যক্ত কৰে। লগতে অসম সম্পৰ্কে বিধায়কগৰাকীক অধিক জ্ঞান প্ৰদান কৰাৰ পোষকতা কৰে সাংসদগৰাকীয়ে।
মন কৰিবলগীয়া যে, যোৰহাটত মহাৰাষ্ট্ৰৰ বিধায়কৰ সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি কৰা এনে অপমানজনক মন্তব্যত দুগৰাকী জ্যেষ্ঠ বিজেপি নেতাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ বিপৰীতে কিন্তু অধিকাংশ দল-সংগঠনেই এই ক্ষেত্ৰত নীৰৱ হৈ থকা দেখিবলৈ পোৱা গৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 06, 2023, 08:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।