‘সাৱধান! যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ যোৱা আপোনাৰ আত্মীয় চিকিৎসালয়তে হেৰাব পাৰে!’ – এই অভিযোগ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। যোৱা কিছুদিন পুৰ্বে মৰিয়নী সমষ্টিৰ অন্তৰ্গত নগাদেৰা দীঘলী চাপৰিত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে এই মন্তব্য কৰে বিধায়কগৰাকীয়ে।
ঘটনাৰ বিবৰণি অনুসৰি, যোৱা ১০ জুনত নগাদেৰা দীঘলী চাপৰিৰ বৃক্কজনিত ৰোগত ভুগি থকা কালেশ্বৰ ওৰাং নামৰ এজন ব্যক্তিক চিকিৎসাৰ বাবে আনিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। সেই সময়ত প্ৰচণ্ড জ্বৰ হৈ থকাৰ উমান পাই বিবাহিত যুৱকজনক কোভিড পজিটিভ সন্দেহ কৰি ১৪ দিনৰ বাবে চিকিৎসালয়ৰ আইছ'লেচন ৱাৰ্ডত ৰখা হৈছিল আৰু পৰিয়ালৰ লোকে চৈধ্য দিনৰ পিছতহে ৰোগীক পৰিয়ালৰ লোকে দেখা কৰিব পাৰিব বুলি অৱগত কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই।
সেই অনুসৰি চৈধ্য দিন উকলি যোৱাৰ পাছত পৰিয়ালৰ লোকে ৰোগী দেখা কৰিবলৈ যায় যদিও চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীজনক ক’ত ৰখা হৈছে নিশ্চিতভাৱে জনাব নোৱাৰিলে। দিন উকলি যোৱাৰ লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়ৰ সকলো কক্ষতে বিচাৰি কোনো সদুত্তৰ নাপাই অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীৰ কাষ চাপে। তেতিয়াই ওলাই পৰে ভয়ংকৰ সত্যটো। কালেশ্বৰ ওৰাঙৰ মৃতদেহ ওলাল চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত। কিন্তু এই সন্দৰ্ভত আৰক্ষী অথবা চিকিৎসালয় কৰ্তৃপক্ষই অৱগত নকৰিলে পৰিয়ালক।
সেই লৈ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কাণ্ডজ্ঞানহীনতাৰ অভিযোগ তুলি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰয়াত কালেশ্বৰ ওৰাঙৰ ঘৰৰ পৰা চাইকেলেৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়লৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলি এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে ৰাওনা হয়। বিধায়কগৰাকীৰ ভাষ্য অনুসৰি - যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এয়া চৰম দায়িত্বজ্ঞানহীন কাণ্ড। এগৰাকী ৰোগী চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত পৰিয়ালক অৱগত নকৰাকৈ মৰ্গত ৰখাটো চৰম দুৰ্ভাগ্যজনক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 09, 2020, 21:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।