মুখ্যপৃষ্ঠা »খবৰ »অসম »Rupjyoti Kurmi | ‘হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ, দুষ্টক দমন কৰিব, শান্তিৰ অসম হ’ব’

Rupjyoti Kurmi | ‘হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ, দুষ্টক দমন কৰিব, শান্তিৰ অসম হ’ব’

বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘পানী ফুকি সাংসদ হৈছে আজমল। হাতে–কামে কৰি সাংসদ হোৱা নাই।’’

বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘পানী ফুকি সাংসদ হৈছে আজমল। হাতে–কামে কৰি সাংসদ হোৱা নাই।’’

বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘পানী ফুকি সাংসদ হৈছে আজমল। হাতে–কামে কৰি সাংসদ হোৱা নাই।’’

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ। তেওঁ দুষ্টক দমন কৰিব আৰু শান্তিৰ অসম হ’ব। চৰাইদেউত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi)।

চৰাইদেউত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘প্ৰভু বিষ্ণুৱে কৈছিল মই দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ সময়ে সময়ে জন্ম ল’ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিষ্ণুৰ অৱতাৰ ৰূপে জন্ম লৈছে। দুষ্টক দমন কৰিব আৰু শান্তিৰ অসম হ’ব।’’

মৰিয়নীৰ বিধায়কগৰাকীয়ে আৰু কয়, ‘‘কোনেও ভবা নাছিল যে ড্ৰাগছৰ প্ৰচলন ইমান হৈ আছিল। ড্ৰাগছৰ বেহা নিঃশেষ কৰাৰ বাবে যিটো দমন নীতি লৈছে, সেয়া দুষ্টক দমন। যোৱা বছৰৰ গঁড় হত্যা হোৱা নাই। অপৰাধবোৰ নিঃশেষ হোৱাৰ দৰে হৈছে। অনশন, ধৰ্মঘট, টায়াৰ জ্বলোৱা আদি ঘটনা অসমত নোহোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) বিষ্ণুৰ অৱতাৰ লৈ অহাৰ দৰে হৈছে। মই কওঁ বিষ্ণুৰ অৱতাৰৰ দৰে তেখেত আহিছে। দুষ্টক দমন, শান্ত পালনৰ দৰে পদক্ষেপেৰে কাম কৰি গৈ আছে।’’

আৰু পঢ়ক : যোৰহাটত ৰাজপথত ভয়ংকৰ ঘটনা, দৃশ্য দেখি বুুকু কঁপি উঠিল আৰক্ষীৰো

ইফালে, বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘পানী ফুকি সাংসদ হৈছে আজমল। হাতে–কামে কৰি সাংসদ হোৱা নাই। মিটিংবোৰত তেওঁ পানী ফুকে। তেওঁৰ বিষয়ে মই মন্তব্য দিব নিবিচাৰো।’’

কংগ্ৰেছক সমালোচনা কৰি কুৰ্মীয়ে কয়, ‘‘ভূপেন বৰাৰ কথা মোক নুসুধিব। লোকসভাত কংগ্ৰেছে এখন আসন জিকাৰ সম্ভাৱনা আছিল, কিন্তু ভূপেন বৰাই কবিতা লিখাৰ পিছত সেই সম্ভাৱনাও নোহোৱা হ’ল।’’

‘‘ভূপেন বৰাই দুবাৰকৈ নিজৰ সমষ্টিত হাৰিলে, লোকসভাৰ সাংসদ পদত হাৰিলে, তেওঁ দায়িত্ব লোৱাৰ পিছত কংগ্ৰেছত কুফা লগাৰ দৰে হ’ল। এটাও নিৰ্বাচন জিকিব পৰা নাই। বেয়াও লাগে, ময়ো কেইদিনমান আগত কংগ্ৰেছত আছিলো। কংগ্ৰেছক একেবাৰে শেষ কৰিলে ভূপেন বৰাই। গতিকে ভূপেন বৰাৰ কথা মোক আৰু নুসুধিব।’’ – ক’লে ৰূপজ্যোতিয়ে।

শেহতীয়া বাতৰি