কোভিড হেনো এখন নাটকহে! ক'লে কংগ্ৰেছৰ এইজন বিধায়কে

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ কোভিডত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কুৰ্মীয়ে৷
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ কোভিডত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কুৰ্মীয়ে৷
- News18 Assam
- Last Updated: September 1, 2020, 5:56 PM IST
"মই দুটা যুক্তি দিম৷ প্ৰথমে, একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কিয় কৰা নহ'ল কোৱাৰেণ্টাইন? চাৰিজন বিধায়কক লৈ দিল্লীলৈ যোৱা মন্ত্ৰীগৰাকীৰ গাত কোভিড নালাগে নেকি? কিয় সাংসদ গগৈকহে কৰা হ'ল কোৱাৰেণ্টাইন? বিজেপিৰ গাত নালাগে নেকি কোভিডৰ বীজাণু? সমষ্টিয়ে সমষ্টিয়ে অস্থায়ী কোভিড হাস্পতাল নুখুলি কি স্বাৰ্থত একাঁঠু বোকা হোৱা খানাপাৰাত কোভিড হাস্পতাল বনালে? কাৰ স্বাৰ্থত বনোৱা হৈছে? মোৰ গান এটা গাবলৈহে মন গৈছে 'কি নাম দি মাতিম,মাতিম তোমাক৷" – মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
ইফালে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ কোভিডত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কুৰ্মীয়ে৷ পিছে ৰূপজ্যোতি কুৰ্মীক কাউণ্টাৰ দিলে খোদ নিজ দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ "ক'ভিড–১৯ বেমাৰবিধ আছে, বেমাৰবিধ মিছা নহয়। ময়ো আক্রান্ত হৈছো। সেয়ে মিছা বুলি অৱজ্ঞা কৰাটো ভুল। সকলো সজাগ হৈ চলক।"