এইবাৰ জুবিন গাৰ্গৰ সুৰত সুৰ মিলালে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নী সমষ্টিত দুৰ্নীতি নিবাৰকৰ তদন্তক লৈ ৰূপজ্যোতি কুৰ্মীয়ে আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘এমাহৰ ভিতৰতে তদন্ত কৰি দোষী সাব্যস্ত হ'লে জে’ললৈ পঠিয়াম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনত ময়ো জে’ললৈ যাবলৈ সাজু। কেৱল মাজুলী আৰু জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগে।’’
‘‘সোণোৱালে দুটা ভুল কৰি গ'ল। ২০০৬ চনৰ পৰা ২০২২ চনলৈ তদন্তৰ ঘোষণা কৰিব লাগিছিল। মোৰ ঘৰলৈ চিএম ভিজিলেঞ্চৰ মানুহ যোৱাই নাই। চিএম ভিজিলেঞ্চে নহয়, লগত কংগ্ৰেছী গ’লেও কাটা বিস্কুট–লাল চাহ খুৱালো হয়।’’ – ক’লে ৰূপজ্যোতিয়ে।
মৰিয়নীৰ বিধায়কজনে কয়, মই পাঁচবাৰৰ বিধায়ক। যিমান নিৰ্বাচন খেলো সিমানেই জিকিম।
নিজ সমষ্টিত পথ অৱৰোধক লৈ ৰূপজ্যোতিয়ে ক’লে – একো কৰিব নোৱাৰে মোক।
এতিয়া মই যোগ্য হোৱা নাই, কিন্তু ২০২৬ত মই মন্ত্ৰিত্ব বিচাৰিম বুলিও কয় বিধায়কগৰাকীয়ে। আজীৱন বিজেপিৰ হৈ নিৰ্বাচন খেলি যাম বুলিও উল্লেখ কৰে কুৰ্মীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 10, 2022, 17:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।