বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ’লঠেকত পৰিব নেকি বিধায়ক ৰূপজ্যোতি কুৰ্মী!

News18 Assam | News18-Assam
Updated:February 24, 2021, 9:27 AM IST
বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ’লঠেকত পৰিব নেকি বিধায়ক ৰূপজ্যোতি কুৰ্মী!
ৰূপজ্যোতি কুৰ্মীৰ হুংকাৰ – তেওঁক বদনাম কৰিবলৈ যিসকল ষড়যন্ত্ৰত লিপ্ত হৈছে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

ৰূপজ্যোতি কুৰ্মীৰ হুংকাৰ – তেওঁক বদনাম কৰিবলৈ যিসকল ষড়যন্ত্ৰত লিপ্ত হৈছে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

  • Share this:
চমু চাপিছে বিধানসভা নিৰ্বাচন। এনে সময়তে যেন বিপদ নামি আহিছে মৰিয়নীৰ বহুবল্কী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাবে। বিধায়কগৰাকীয়ে প্ৰতিনিধিত্ব কৰা মৰিয়নী সমষ্টিৰ বিধায়ক উন্নয়ন পুঁজি ৰূপায়ণত হোৱা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছে মুখ্য মন্ত্ৰী বিশেষ তদাৰকী কোষে।

বিধায়কগৰাকীৰ কাৰ্যকালৰ ২০১১ চনৰ পৰা ২০১৭ চনলৈকে মৰিয়নী বিধানসভা সমষ্টিত বিধায়ক উন্নয়ন পুঁজি ৰূপায়ণত সংঘটিত ব্যাপক কেলেংকাৰী ওপৰত তদন্ত চলাই থকা মুখ্য মন্ত্ৰী তদাৰকী কোষে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত চলোৱা অভিযানৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়কগৰাকীয়ে NEWS18ৰ আগত কয়, "বিজেপি চৰকাৰৰ দিনত ভুল নীতিসমূহ  আঙুলিয়াই দিয়া বাবে, বিজেপি চৰকাৰ ব্যৰ্থতা সমুহ উদঙাই দিয়া লগতে চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মৰিয়নী সমষ্টিত মোৰ জনপ্ৰিয়তা হ্ৰাস কৰা বাবে তেওঁলোক ষড়যন্ত্ৰত লিপ্ত হৈ তদন্ত আৰম্ভ কৰিছে।"

লগতে বিধায়কগৰাকীয়ে কয়, "এই তদন্তত মোৰ বিৰুদ্ধে একো নাপাই। কাৰণ ইয়াত চৰকাৰী বিষয়াসকল জড়িত থাকে। বিধায়ক হিচাপে আমি মাত্ৰ আঁচনি দিবলগীয়া অনুষ্ঠান বা বাট-পথৰ তালিকাহে জমা দিও। সমষ্টিবাসীয়ে নামঘৰ, মছজিদ, বাট-পথৰ  উন্নয়ন হৈছে নে  দেখিছে আৰু নিৰ্বাচনত ৰাইজে মোক ভোট দিব আৰু মই জিকিম।"

আনহাতে ৰূপজ্যোতি কুৰ্মীৰ হুংকাৰ – তেওঁক বদনাম কৰিবলৈ যিসকল ষড়যন্ত্ৰত লিপ্ত হৈছে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। বিধায়কগৰাকীয়ে কয়, "শাস্ত্ৰত উল্লেখ আছে অন্যায় নকৰিবা। অন্যায় সহ্য নকৰিবা। মোক অন্যায় কৰিলে মই কিয় সহ্য কৰিম। যি অন্যায় কৰিছে তাক শাস্তি দিবই লাগিব। দুষ্টক দমন শান্তক পালন কৰিবই লাগিব।"

উল্লেখ যে বিধায়কগৰাকীৰ ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক উন্নয়ন পুঁজিৰ কেলিংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি মৰিয়নীৰ বিজেপি নেতাই মুখ্য মন্ত্ৰী তদাৰকী শাখাত অভিযোগ প্ৰদান কৰিছিল। সেই অভিযোগৰ ভিত্তিতে মুুুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলে তদন্ত চলাই আছে। আনহাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী সমষ্টিৰ বিধায়ক উন্নয়ন পুঁজিৰ কেলেংকাৰীৰ ওপৰত চলা তদন্তই আগন্তুক দিনত ৰূপজ্যোতিৰ ভেটিত কঁপনি তোলাটো নিশ্চিত।
Published by: Sanjay Kumar Das
First published: February 24, 2021, 9:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি