মৰিয়নীৰ পৰা গোলাঘাটলৈ চাইকেলেৰে ৰূপজ্যোতি কুৰ্মী, মহিলা আৰক্ষীক বলাৎকাৰৰ ঘটনাৰ কৰিব প্ৰতিবাদ

বিধায়কগৰাকীয়ে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কাৰো ওপৰতে অসমবাসীয়ে ভৰসা কৰি লাভ নাই বুলি উল্লেখ কৰে।
বিধায়কগৰাকীয়ে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কাৰো ওপৰতে অসমবাসীয়ে ভৰসা কৰি লাভ নাই বুলি উল্লেখ কৰে।
- News18 Assam
- Last Updated: October 19, 2020, 5:35 PM IST
বিধায়কগৰাকীয়ে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰক্ষী বিষয়াৰ দ্বাৰাই মহিলা আৰক্ষী বিষয়া বলাৎকাৰৰ বলি হ'বলগীয়া হোৱা ঘটনাৰ প্ৰতিবাদ জনাই এনে ঘটনা পুনৰাবৃত্তি নোহোৱাৰ কামনাৰে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সন্মুখত ধূপ–বন্তি জ্বলাই ভগৱন্তৰ চৰণত সেৱা জনাই প্ৰতিবাদ কৰিবলৈ মৰিয়নীৰ পৰা চাইকেল চলাই দেৰগাঁৱলৈ ৰাওনা হোৱা বুলি জানিবলৈ দিয়ে।
বিধায়কগৰাকীয়ে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কাৰো ওপৰতে অসমবাসীয়ে ভৰসা কৰি লাভ নাই বুলি উল্লেখ কৰা লগতে অসমত এজনো বিশ্বাসযোগ্য মন্ত্ৰী নাই বুলি মন্তব্য কৰে।