চৰকাৰে নোৱাৰিলে নিজেই যাঁঠি–জোং লৈ নগা খেদিবলৈ যাব ৰূপজ্যোতি কুৰ্মীয়ে!

News18 Assam | News18-Assam
Updated:November 12, 2020, 9:29 AM IST
চৰকাৰে নোৱাৰিলে নিজেই যাঁঠি–জোং লৈ নগা খেদিবলৈ যাব ৰূপজ্যোতি কুৰ্মীয়ে!
বিধায়কগৰাকীয়ে অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছদ কৰিব নোৱাৰাটো অসম চৰকাৰৰ ব্যৰ্থতা বুলি সমালোচনা কৰি

বিধায়কগৰাকীয়ে অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছদ কৰিব নোৱাৰাটো অসম চৰকাৰৰ ব্যৰ্থতা বুলি সমালোচনা কৰি

  • Share this:
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিয়ে যাঁঠি–জোং লৈ নগা খেদিবলৈ যাব। অসমৰ ভূমিৰ পৰা নাগালেণ্ডৰ বেদখল উচ্ছেদ নকৰাৰ প্ৰতিবাদত বিধায়ক ৰূপ জ্যোতিৰ অৱস্থান ধৰ্মঘট। অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা নগালেণ্ডৰ বেদখল উচ্ছেদ নকৰাৰ প্ৰতিবাদত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নাগাজাংকাত বুধবাৰে নিশা অৱস্থান ধৰ্মঘট গ্ৰহণ কৰে।

বিধায়কগৰাকীয়ে অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছদ কৰিব নোৱাৰাটো অসম চৰকাৰৰ ব্যৰ্থতা বুলি সমালোচনা কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ইফালে, নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত কৰা বাবে নগালেণ্ডৰ এয়া ৰণকৌশল বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। অসমৰ ভূমিৰ পৰা অসম চৰকাৰে নগাৰ বেদখল উচ্ছেদ নকৰিলে নিজে দা, যাঁঠি লৈ নগা খেদিব বুলি হুংকাৰ দিয়ে।
Published by: Sanjay Kumar Das
First published: November 12, 2020, 9:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি