সকলো হ'ল আচৰিত! বেংক বিষয়াক আঁঠুকাঢ়ি কিয় সেৱা জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে?

যোৰহাট নগৰৰ পঞ্জাৱ নেচনেল বেংকৰ গড়আলি শাখাত সোমবাৰে হঠাৎ উপস্থিত হ'ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তাৰ পিছতে বেংক বিষয়াক গামোচা পিন্ধাই ভৰিত ধৰি প্ৰাৰ্থনা কৰিলে বিধায়কগৰাকীয়ে।
যোৰহাট নগৰৰ পঞ্জাৱ নেচনেল বেংকৰ গড়আলি শাখাত সোমবাৰে হঠাৎ উপস্থিত হ'ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তাৰ পিছতে বেংক বিষয়াক গামোচা পিন্ধাই ভৰিত ধৰি প্ৰাৰ্থনা কৰিলে বিধায়কগৰাকীয়ে।
- News18 Assam
- Last Updated: February 22, 2021, 4:54 PM IST
সোমবাৰে দুপৰীয়া এই ঘটনা সংঘটিত হয় যোৰহাট নগৰৰ পঞ্জাৱ নেচনেল বেংকৰ গড়আলি শাখাত। হাতত কিছুমান নথিপত্ৰ লৈ হঠাৎ বেংকটোত প্ৰৱেশ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। বেংকত সোমায়েই বিধায়কগৰাকীয়ে বিচাৰিলে মেনেজাৰক।
চৰকাৰী আঁচনিৰ ধনসমূহ হিতাধিকাৰিসকললৈ মুকলি কৰি দিওতে পলম হোৱাৰ কাৰণ জানিব বিচাৰে ৰূপজ্যোতিয়ে। কিন্তু উত্তৰ লাভ কৰাৰ পূৰ্বেই বেংক বিষয়াক এখন ফুলাম গামোচা পিন্ধাই আঠু কাঢ়ি সেৱা কৰি আঁচনিৰ ধনসমূহ বেংকৰ পৰা মুকলি কৰি দিবলৈ কাতৰ প্ৰাৰ্থনা জনাই মৰিয়নিৰ বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ এই কাৰ্যত হতভম্ব হৈ পৰে বেংক বিষয়াগৰাকী।
" এই কাৰ্যত মই বিধায়ক হিচাবে অতিকৈ দুখ পাইছো। বহু দুখীয়া ছাত্ৰ-ছাত্ৰী, ৰোগাক্ৰান্ত লোকে এই চৰকাৰী আঁচনিসমূহৰ পৰা সহায় লাভ কৰাৰ বাবে আবেদন জনাইছিল। কিন্তু বেংক কৰ্তৃপক্ষই আঁচনিৰ ধনসমূহ মুকলি কৰি দিয়া নাই। যদিহে ধন মুকলি কৰি নিদিয়ে তেন্তে চৰকাৰৰ তৰফৰ পৰা নিদিও বুলি কৈ দিলেই হ'ল । ইতিমধ্যে ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ টকা মুকলি কৰি দিছে। কিন্তু বেংকৰ পৰা সেই ধন হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। ", মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয় ।
শীঘ্ৰে এই আঁচনিসমূহৰ ধন মুকলি কৰি দিবলৈ বেংকৰ কৰ্তৃপক্ষক পুনৰ প্ৰাৰ্থনা জনায় মৰিয়নিৰ বিধায়কগৰাকীয়ে। অন্যথা ইয়াৰ ফলত দুখীয়া হিতাধিকাৰিসকল সন্মুখীন হোৱা ভয়ংকৰ ক্ষতিৰ বাবে কোন জগৰীয়া হ'ব বুলি প্ৰশ্ন তোলে বিধায়কগৰাকীয়ে।