শেহতীয়াকৈ সলনি হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ। সমান্তৰালকৈ বিজেপিৰ অংকত যেন আউল লাগিছে মৰিয়নী সমষ্টিত। শনিবাৰে মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ প্ৰচাৰ চলায় ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়ে। কিন্তু এই সভাত দেখিবলৈ পোৱা নগ’ল বৃহৎ সংখ্যক লোকৰ উপস্থিতি। আনহাতে, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ স্পষ্ট কথা, মৰিয়নীলৈ প্ৰচাৰৰ বাবে বিজেপিয়ে যাকেই নানক কিয় জিকিব কিন্তু ৰূপজ্যোতিয়েই।
এইবাৰ মৰিয়নী বিধানসভা সমষ্টিৰ নিৰ্বাচনক লৈ সকলোৰে মনত কৌতুহলৰ সৃষ্টি হৈছে। কাৰণ সমষ্টিটোত শেহতীয়াকৈ নিশাটোৰ ভিতৰতে অসম জাতীয় পৰিষদত যোগ দি মনোনয়ন পত্ৰ নাকচ হৈছিল জ্যেষ্ঠ বিজেপি নেতা অলক ঘোষৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়েও অৱশেষত উঠাই ল’লে মনোনয়ন। আৰু লগে লগেই সলনি হৈ পৰিল সমষ্টিটোৰ নিৰ্বাচনী অংক। বিগত ১৫ বছৰ ধৰি ৰূপজ্যোতি কুৰ্মীৰ দখলত থকা মৰিয়নী সমষ্টিত এইবাৰ পদুম ফুল ফুলাবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে।
শনিবাৰে মৰিয়নীৰ নকছাৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণী। নকছাৰীৰ মাইবেলীয়া খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে ইৰাণীয়ে। বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰি ৰাইজক বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীক ভোট দিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে।
"পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমলৈ ১ লাখ ৭০ হাজাৰ কোটি টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। চাহ বাগিচাত শ্ৰমিকৰ মজুৰি বৰ্তমান চৰকাৰে ২১৭ টকালৈ বৃদ্ধি কৰিলে। আত্মসহায়ক গোটবোৰলৈ বিশেষ সহায় আগবঢ়োৱা নাছিল কংগ্ৰেছে। আয়ুস্মান ভাৰতৰ জৰিয়তে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। অসমৰ প্ৰতিনিধি প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত অসমলৈ AIIMS নাহিল। কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ থকাৰ সময়তহে অসমত AIIMS প্ৰতিষ্ঠা কৰা হৈছে। চাহ বাগিচা অঞ্চলত বহুত স্কুল স্থাপন কৰা হৈছে। বিজেপি চৰকাৰৰ দিনতে কোভিড–১৯ পৰিস্থিতিৰ সময়ত ২২ কোটি দুখীয়া লোকক ৩০ হাজাৰকৈ টকা দিয়া হৈছিল। 8 মাহলৈকে দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন দিয়া হৈছিল।", স্মৃতি ইৰাণীয়ে এনেদৰে কয়।
আনহাতে বিগত সময়ছোৱাত মৰিয়নী সমষ্টিত বিশেষ কোনো উন্নয়নমূলক কাম হোৱা নাই বুলি মত ব্যক্ত কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ৰূপজ্যোতি কুৰ্মী কিছুমান নাটকীয় কামেৰে চৰ্চাত থাকি ৰাইজৰ মাজত জনপ্ৰিয় হ’বলৈ বিচাৰে। কিন্তু এনে জনপ্ৰিয়তাই নিৰ্বাচনত বিশেষ প্ৰভাৱ নেপেলোৱাৰ লগতে মৰিয়নী ৰাইজে এইবাৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিয়াটো খাটাং বুলি মত ব্যক্ত কৰে সাঙসদগৰাকীয়ে। বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীয়েও মৰিয়নীৰ উন্নয়নৰ প্ৰসংগ আগত ৰাখিয়েই বক্তব্য আগবঢ়ায়।
কিন্তু ইয়াৰ বিপৰীতে নিজৰ স্থিতিত অটল আছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। কাৰণ এই সভাত দেখিবলৈ পোৱা গ’ল দুই সহস্ৰাধিক লোককহে। স্মৃতি ইৰাণীৰ সভালৈ মানুহ নহা ঘটনাই মৰিয়নীত যে বিজেপিয়ে পুনৰ মুখঠেকেচা খাব তাৰেই ইংগিত বহন কৰিছে বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ মতে ২০ হাজাৰ লোকৰ সমাৱেশ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই নিৰ্বাচনী সভাৰ দৃশ্যই প্ৰমাণ কৰিছে মৰিয়নীত বিজেপিৰ স্থিতি।
বিজেপিৰ শীৰ্ষ নেতৃত্বই মৰিয়নীত প্ৰচাৰৰ কৌশল সলনি নকৰিলে ৰূপজ্যোতি কুৰ্মীক চতুৰ্থবাৰলৈ বিধায়ক হোৱাৰ পৰা প্ৰতিহত কৰাটো যে অতিকৈ কঠিন তাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। আৰু পূৰ্বৰ অভিজ্ঞতাৰে নিজস্ব কৌশলেৰে ৰাইজৰ মাজত সোমাই দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰাখিছে ৰূপজ্যোতি কুৰ্মীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|