চাইকেল চলাই কলৈ গৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী? মূৰত গামোচা মাৰি, হাতত দা লৈ কৰিছে এই কাম

News18 Assam | News18-Assam
Updated:July 18, 2020, 12:44 PM IST
চাইকেল চলাই কলৈ গৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী? মূৰত গামোচা মাৰি, হাতত দা লৈ কৰিছে এই কাম
মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিতৌ ন ন ৰূপ

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিতৌ ন ন ৰূপ

  • Share this:
মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিতৌ ন ন ৰূপ। কেতিয়াবা যদি হাতত নগা দা লৈ সীমান্তত নগা খেদিছে আকৌ কেতিয়াবা বাহুবলী ৰূপ লৈ হাতেৰে পকী বেৰ বগৰাই দিছে। এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ গৃহ নিৰ্মানকাৰীৰ ৰূপত অবিৰ্ভাৱ।



বিধায়কগৰাকীয়ে নিৰ্মাণ কৰিছে বিশেষ এটা গৃহ। গৃহটো নিৰ্মাণ কৰিবলৈ যোৰহাট জিলাৰ অসম নগালেণ্ড সীমান্তত চাইকেল চলাইগৈ উপস্থিত হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী।মূৰত গামোচা মাৰি একাংশ গঞাৰ লগত বিধায়কগৰাকী নিজৰ কৰ্মত খুবেই ব্যস্ত। হাতত দা লৈ বাঁহ কাটিছে। জোখ-মাখ কৰিছে। গৃহটোৰ চালত টিং তুলিছে। কাৰোবাক কিবা নিৰ্দেশো দিছে। মুঠতে ৰ'বলৈ সময় নাই।



বিধায়কগৰাকী এনেদৰে ব্যস্ত হৈ পৰিছে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৰ ৰনখাম গাঁৱত। ৰনখাম গাঁৱৰ সমীপত থকা অস্থায়ী সীমান্ত আৰক্ষী চকীৰ গৃহ নিৰ্মাণত এনেদৰে জড়িত হৈ পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী।





উল্লেখ্য যে, ২০১৫ চনত অসমৰ মাটীত নগাৰ আগ্ৰাসনৰ সময়ত হোৱা সংঘাতৰ পিছতে অসম চৰকাৰে ৰনখামত এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰিছিল। কিন্তু পাঁচ বছৰে অসম চৰকাৰে সীমান্ত আৰক্ষী চকীটো স্থায়ীকৈ নিৰ্মাণ কৰাটো দূৰেৰে কথা বাঁহৰ গৃহ কেইটাও মেৰামতি কৰাৰ প্ৰয়োজন বোধ নকৰিল। ফলত জহি খহি যোৱা আৰক্ষী চকীখনৰ বাহঁৰ গৃহ প্ৰতি বছৰে ৰনখাম গাঁওবাসীয়ে দান বৰঙনি সংগ্ৰহ কৰি নিৰ্মাণ কৰি আহিছে। এইবাৰ এই গৃহটোৰ নিৰ্মাণত আগভাগ ল’লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
Published by: Himangshu Bhuyan
First published: July 18, 2020, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি