এইবাৰ পুনৰ এক নতুন ৰূপত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। চকুত চশমা, মূৰত গান্ধী টুপি। মুখত নাই সেই চিৰ পৰিচিত দাঢ়িখিনি। এক ব্যক্তিক্ৰমী ৰূপত বিধায়ক গৰাকীক দেখিবলৈ পোৱা গ'ল মৰিয়নীত।
"মালতী মেম"ৰ বাবে বিধায়ক ৰূপজ্যোতিয়ে কাটিলে দাঢ়ি। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অসম তথা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শ্বহীদ মাংৰি ওৰাং ওৰফে ‘মালতী মেম’।এইগৰাকী চাহ বাগিচাৰ মহিলা স্বাধীনতা সংগ্ৰামৰ ওপৰত বিশিষ্ট নাট্যকাৰ বিনয় শইকীয়াৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মালতী মেম" নাটকখনত অন্যান্য শিল্পীৰ লগতে অভিনয় কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও। অমৰজ্যোতি ক্ৰীড়া ও সাংস্কৃতিক চ'ৰাৰ উদ্যোগত ঝংকাৰ এমেচাৰ থিয়েটাৰে শিলিখা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শুকুৰবাৰে নিশা মঞ্চস্থ কৰা নাটখনত অমিয় কুমাৰ দাস নামৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে বিধায়কগৰাকীয়ে।
দাঢ়িতকৈ অভিনয়ৰ চৰিত্ৰৰ প্ৰতি জনোৱা সন্মান ডাঙৰ। সেইবাবে চৰিত্ৰই বিচৰা দৰেই দাঢ়ি কাটি অভিনয় কৰা বুলি কয় বিধায়গৰাকীয়ে। আনহাতে ১৯২১ চনতে ব্ৰিটিছ বিৰুদ্ধে সংগ্ৰাম কৰা সাহসী নাৰী মাংৰি ওৰাঙৰ জীৱনভিত্তিক "মালতী মেম" নাটখন অসম চৰকাৰে গুৱাহাটীত মঞ্চস্থ কৰিবলৈ আমন্ত্ৰণ জনাব বুলি আশা প্ৰকাশ কৰা লগতে ৰবীন্দ্ৰ ভৱনত মঞ্চায়ন কৰাৰ বাবে হেঁপাহ থকা বুলিও ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰে।
আনহাতে, ৰূপজ্যোতি কুৰ্মীক দাঢ়ি অবিহনে ন–ৰূপত দেখি প্ৰথমে চিনিবই পৰা নাছিল পত্নীয়েও। বিধায়কগৰাকীয়ে এই নাটকৰ যোগেদি মালতী মেমৰ সাহসিকতা তথা স্বাধীনতা সংগ্ৰামৰ কাহিনী সৰ্বভাৰতীয় তথা বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক ভাল পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|