মুখ্যপৃষ্ঠা »খবৰ »অসম »অখিলৰ মাতৃৰ যদি কিবা হ'বলৈ হয়, ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বিজেপি দল আৰু চৰকাৰ – ৰূপজ্যোতি কুৰ্মী

অখিলৰ মাতৃৰ যদি কিবা হ'বলৈ হয়, ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বিজেপি দল আৰু চৰকাৰ – ৰূপজ্যোতি কুৰ্মী

মঙলবাৰে সন্ধিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়।

মঙলবাৰে সন্ধিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়।

মঙলবাৰে সন্ধিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়।

  • Share this:
গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্য বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।মঙলবাৰে সন্ধিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়।

বিধায়কগৰাকীয়ে প্ৰিয়দা গগৈৰ পৰিয়ালৰ লোকৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰিয়দা গগৈৰ চিকিৎসা আগবঢ়াই থকা চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসকসকলৰ লগতো আলোচনাত মিলিত হয়।

অখিল মাতৃৰ স্বাস্থ্যৰ বুজ লৈ ওলাই আহি সাংবাদিকৰ আগত কুৰ্মীয়ে কয়, "চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া বাবে অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে। যাৰ বাবে মাতৃ অসুস্থ হৈ পৰিছে। খাবলৈ মন নকৰা হৈছে। স্বাস্থ্যৰ অৱনতি হৈছে। আজি তেওঁ এষাৰো কথা ক'ব পৰা অৱস্থাত নাই। মাত্ৰ চকুপানী টুুকি আছে।"

বিধায়ক গৰাকীয়ে কয়, "অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো। অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়। অসমৰ মাতৃ। যদি মাতৃৰ কিবা হ'বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।"

শেহতীয়া বাতৰি