உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ মাতৃৰ চৰণ চুই আশীৰ্বাদ বিচাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, ক’লে – ‘মোক আপোনাৰ সৰু পুত্ৰ বুলি ভাবক’

    অখিল গগৈৰ মাতৃৰ চৰণ চুই আশীৰ্বাদ বিচাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, ক’লে – ‘মোক আপোনাৰ সৰু পুত্ৰ বুলি ভাবক’

    অখিলৰ মাতৃয়েও ৰূপজ্যোতিৰ প্ৰতি কোনো আক্ষেপ নাই বুলি উল্লেখ কৰাৰ লগতে ভাল হওক বুলি আশীৰ্বাদ প্ৰদান কৰে।

    অখিলৰ মাতৃয়েও ৰূপজ্যোতিৰ প্ৰতি কোনো আক্ষেপ নাই বুলি উল্লেখ কৰাৰ লগতে ভাল হওক বুলি আশীৰ্বাদ প্ৰদান কৰে।

    অখিলৰ মাতৃয়েও ৰূপজ্যোতিৰ প্ৰতি কোনো আক্ষেপ নাই বুলি উল্লেখ কৰাৰ লগতে ভাল হওক বুলি আশীৰ্বাদ প্ৰদান কৰে।

    • Share this:
    মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰৰ পিছত প্ৰথমবাৰৰ বাবে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হয় অখিল গগৈৰ বাসগৃহত। মৰিয়নীৰ চেলেং লুসুৰাখনস্থিত বাসগৃহত অখিলৰ মাতৃ প্ৰিয়দা গগৈৰ চৰণ চুই আৰ্শীবাদ বিচাৰিলে মৰিয়নীৰ বিধায়কগৰাকীয়ে। আজিৰে পৰা অখিল গগৈৰ লগতে ৰূপজ্যোতি কুৰ্মীকো নিজ সৰুপুত্ৰ বুলি গণ্য কৰিবলৈ প্ৰিয়দা গগৈক আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে।

    আনহাতে, অখিলৰ মাতৃয়েও ৰূপজ্যোতিৰ প্ৰতি কোনো আক্ষেপ নাই বুলি উল্লেখ কৰাৰ লগতে ভাল হওক বুলি আশীৰ্বাদ প্ৰদান কৰে। উল্লেখযোগ্য যে মৰিয়নী সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাত ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দ্বিতা অখিল গগৈৰ লগত হ'ব বুলি প্ৰকাশ কৰাৰ লগতে তেওঁৰ শুভাকাংক্ষী হিচাপে মনোনয়ন উঠাই ল'বলৈ আহ্বান জনাইছিল। অখিল গগৈয়ে মৰিয়নীৰ পৰা মনোনয়ন উঠাই লোৱাৰ পিছত ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ গৃহত উপস্থিত হৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰি চৰণ চুই আশিস গ্ৰহণ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে।
    Published by:Sanjay Kumar Das
    First published: