‘১ লাখ, ২ লাখ বছৰৰ পিছতো বদৰুদ্দিন অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে’- শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

চৰাইদেউ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা ৰূপজ্যোতি কুৰ্মীয়ে আজি মাহমৰা সমষ্টিৰ প্ৰথমখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে।
চৰাইদেউ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা ৰূপজ্যোতি কুৰ্মীয়ে আজি মাহমৰা সমষ্টিৰ প্ৰথমখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে।
- News18 Assam
- Last Updated: October 28, 2020, 6:54 PM IST
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, ‘গুৰুজনাৰ আদৰ্শৰ দ্বাৰা প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৷ ইয়াত কোনোধৰণৰ ৰাজনীতিকৰণ হোৱা উচিত নহয় ৷ বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয় স্থাপনৰ কথা কৈ ডাঙৰ ভুল কৰিছে ৷ শ্বেৰমান আলীক শীঘ্ৰে কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰিব লাগে ৷ লগতে বিষয়টো আলোচনাৰ বাবে যিখন ১৫ জনীয়া সমিতি গঠন কৰা হৈছিল তেওঁলোককো শাস্তি দিব লাগে ৷ শ্বেৰমান আলীৰ মূৰত কঁঠাল ভাঙি বিজেপিয়ে সুবিধা ল'ব বিচাৰিছে ৷’
চৰাইদেউ জিলা কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা ৰূপজ্যোতি কুৰ্মীয়ে আজি মাহমৰা সমষ্টিৰ প্ৰথমখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মহাজোঁটবন্ধনৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলে ২০২১ চনৰ নিৰ্বাচনত ৭০ খনৰ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিধায়ক ৰূপজ্যোতিয়ে ৷ অগপ-বিজেপি মিত্ৰজোঁটে কৈ থকাৰ দৰে বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি উল্লেখ কৰা ৰূপজ্যোতিয়ে ১ লাখ, ২ লাখ বছৰলৈও আজমল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি মন্তব্য কৰে ৷
মূল্যবৃদ্ধি ৰোধ, নিৱনুৱা সংস্থাপন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ এটাও পালন নকৰা বিজেপি চৰকাৰক মিছলীয়া, ঠগবাজ আখ্যা দি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে অসমৰ ৰাইজে বিজেপি দলৰ চৰিত্ৰ বুজি পাইছে আৰু এইবাৰ কংগ্ৰেছ দলকে সমৰ্থন জনাব ৷