মাছ মৰাৰ আগত যেনেকৈ ছটফটাই বিজেপিৰ নেতাসকলেও এতিয়া তেনেকৈ ছটফটাইছে, মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ

মহাজোঁটবন্ধন হ'লে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সমৰ্থন কৰিম, ইয়াৰ বাদে কেৱল AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা কেতিয়াও সমৰ্থন নকৰো বুলিও মন্তব্য কৰে বিধায়কজনে।
মহাজোঁটবন্ধন হ'লে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সমৰ্থন কৰিম, ইয়াৰ বাদে কেৱল AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা কেতিয়াও সমৰ্থন নকৰো বুলিও মন্তব্য কৰে বিধায়কজনে।
- News18 Assam
- Last Updated: October 29, 2020, 1:17 PM IST
বিধায়ক শ্বেৰমান আলীক সমালোচনা কৰাৰ লগতে সেই সমিতিত থকা বিজেপিৰ বিধায়ক সকলকো সমালোচনা কৰে কুৰ্মীয়ে। শ্বেৰমান আলীক দলৰ পৰা বৰ্জন কৰিব লাগে বুলিও ৰূপজ্যোতি কুৰ্মীয়ে মত প্ৰকাশ কৰে। মহাজোঁটবন্ধন হ'লে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সমৰ্থন কৰিম, ইয়াৰ বাদে কেৱল AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা কেতিয়াও সমৰ্থন নকৰো বুলিও মন্তব্য কৰে বিধায়কজনে।
মোগলৰ কথা কোৱা বিজেপি নেতা–কৰ্মীক সমালোচনা কৰি ৰূপজ্যো কুৰ্মীয়ে কয়, ‘‘ভাৰতত এতিয়া মোগল নাই, আছে যদি বিদেশী আছে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবোল–তাবোল বকিছে। মাছ মৰাৰ আগত যেনেকৈ ছটফটাই, তেনেকৈ বিজেপি দল শেষ হোৱাৰ প্ৰাক মুহূৰ্তত নেতা–কৰ্মীসকলে ছটফটাইছে৷’’