• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ভূপেন বৰা আৰু ৰাহুল গান্ধী থকালৈকে কংগ্ৰেছৰ একো উন্নতি নহ’ব, মল্লিকাজুন খাৰ্গে গছৰ মুঢ়াহে’ – ৰূপজ্যোতি কুৰ্মী

‘ভূপেন বৰা আৰু ৰাহুল গান্ধী থকালৈকে কংগ্ৰেছৰ একো উন্নতি নহ’ব, মল্লিকাজুন খাৰ্গে গছৰ মুঢ়াহে’ – ৰূপজ্যোতি কুৰ্মী

File Photo

File Photo

মই ২০১৬তে বিজেপিলৈ আহিব লাগিছিল, কিয় নাহিলো এতিয়া উপলব্ধি কৰিছোঁ বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

  • Share this:


বিজেপিক বাদ দি বাকী সকলো ৰাজনৈতিক দলৰ এতিয়া কেৱল মিঞাপ্ৰীতি। আমি লোকসভাৰ নিৰ্বাচনত ১৩খন আসনত জয়ী হ’ম। এই মন্তব্য কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

কুৰ্মীয়ে কয়, বাকী ধুবুৰী আসনখনো বিৰোধীৰ খোৱা–কামোৰাৰ বাবে আমি পাম বুলি আশা কৰিছোঁ। দেউৰী নিৰ্বাচনত বিজেপি জয়ী হ’বই আপোনালোকক আগতীয়াকৈ জনালোঁ।

ভূপেন বৰা আৰু ৰাহুল গান্ধী থকালৈকে কংগ্ৰেছৰ একো উন্নতি নহ’ব বুলি কয় মৰিয়নীৰ বিধায়কগৰাকীয়ে। মল্লিকাজুন খাৰ্গে সভাপতি নহয়, গছৰ মুঢ়াহে বুলিও মন্তব্য কৰে তেওঁ।

মই ২০১৬তে বিজেপিলৈ আহিব লাগিছিল, কিয় নাহিলো এতিয়া উপলব্ধি কৰিছোঁ বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি