বিধানসভাত অধ্যক্ষৰ ওচৰত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে, ক’লে – আপুনি আমাৰ অভিভাৱক, আপোনাক সন্মান কৰো

- News18 Assam
- Last Updated: December 30, 2020, 12:27 PM IST
এই বিষয়ত বুধবাৰে সদনত প্ৰশ্নকালীন ঘণ্টাৰ পিছত পইণ্ট অৱ অৰ্ডাৰ আনে BJPৰ বিধায়ক পদ্ম হাজৰিকাই৷ পদ্ম হাজৰিকাই ক'লে- “সদনৰ নিয়ম অনুসৰি সদন চলিব লাগে৷ প্ৰশ্নকালীন সময়ত কিয় পইণ্ট অৱ অৰ্ডাৰ আনি প্ৰশ্ন কৰিছিল কংগ্ৰেছৰ বিধায়কজনে৷ অধ্যক্ষই নিয়ম অনুসৰি বহিষ্কাৰ কৰিছিল৷ সংবাদ মাধ্যমত কিয় টিকটৰ টনা-টনি হোৱাৰ বাবে বিজেপিৰ হৈ অধ্যক্ষই সদন পৰিচালনা কৰা বুলি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে৷ সদনৰ মৰ্যাদা অধ্যক্ষৰ মৰ্যাদা ৰক্ষা হ'লেহে হ'ব৷ সেয়ে বিধায়কজনে সদনত ক্ষমা খুজিব লাগে৷ নহ'লে সদন অৱমাননাৰ অভিযোগ আনিব লাগে৷”
বিধায়ক পদ্ম হাজৰিকাৰ এই প্ৰস্তাৱৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষক অনুৰোধ জনাই কয়, "ইমানতে বিষয়টো নিষ্পত্তি বিচাৰিছো৷ আগতেও এনে ঘটনা হৈছে সদনত৷ কালিৰ ঘটনাটোৰ বাবে আমি ক্ষমা বিচাৰিছো৷”
এই সন্দৰ্ভত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ক'লে- “ৰূপজ্যোতিক মই ভাইৰ দৰে মানো৷ আমি একে জিলাৰ৷ কিন্তু ৰূপজ্যোতিয়ে নিজে কথাবোৰ বুজিবলৈ চেষ্টা কৰক৷ ক'ত কি ক'ব লাগে৷ নিজক নিয়ন্ত্ৰণ কৰক৷ সদনৰ মৰ্যাদা ৰক্ষা কৰিব লাগে৷ ৰূপজ্যোতিয়ে নিজৰ বিবেকক সোধক এবাৰ৷ কি কৰিব লাগে নালাগে, বুজি কৰক৷ আমি যোৰ কৰি তেওঁক একো কৰাই লাভ নাই৷ তেওঁ নিজে বিবেচনা কৰি কৰক৷”
অধ্যক্ষই পুনৰ কয়- “ৰূপজ্যোতি কুৰ্মীয়ে কি ক'ব এটা বাক্যত কওক৷ তেওঁ মোৰ বিৰুদ্ধে ব্যক্তিগত মন্তব্য কৰাতোত তেওঁ অনুশোচনাত দগ্ধ হৈছেনে নাই৷ সেই কথা সদনক জনাওক৷”
সদনত উত্থাপিত আৰু চৰ্চিত বিষয়ত থিয় হৈ ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- “অধ্যক্ষ মহোদয়, আপুনি আমাৰ অভিভাৱক৷ আমি বিৰোধী হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব লাগিব৷ গাঁৱৰ মানুহে পিয়াজ নোখোৱা বুলি মন্তব্য কৰা মানুহে ক'লে বুলিয়েই মই কিন্তু একো নকওঁ৷ মই আপোনাক সন্মান কৰো৷ সেৱা কৰো৷ আপুনি উকিল আছিল, মই সৰুৰে পৰা সেৱা কৰি আহিছো আপোনাক৷ কালি ৰাজনৈতিকভাৱে কৰা মন্তব্যৰ বাবে মই ক্ষমা বিচাৰিছো৷”