মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জ্যেষ্ঠজনৰ প্ৰতি সন্মান! নিজৰ পৰিৱৰ্তে ৰাজেন গোহাঁইক আদৰণি জনাবলৈ অনুৰোধ ৰূপক শৰ্মাৰ

জ্যেষ্ঠজনৰ প্ৰতি সন্মান! নিজৰ পৰিৱৰ্তে ৰাজেন গোহাঁইক আদৰণি জনাবলৈ অনুৰোধ ৰূপক শৰ্মাৰ

News18 Assam | News18-Assam
Updated:July 27, 2020, 11:03 PM IST
জ্যেষ্ঠজনৰ প্ৰতি সন্মান! নিজৰ পৰিৱৰ্তে ৰাজেন গোহাঁইক আদৰণি জনাবলৈ অনুৰোধ ৰূপক শৰ্মাৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আদৰণি পৰ্বত দেখা গ'ল এক বিৰল দৃশ্য।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আদৰণি পৰ্বত দেখা গ'ল এক বিৰল দৃশ্য।

  • Share this:
এটা সময়ত নগাঁৱৰ ৰাজনীতিত অতি ঘনিষ্ঠ হিচাপে চৰ্চিত ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত বৰ্তমান চলি থকা সংঘাতৰ কথা সৰ্বজনবিদিত। বিগত লোকসভা নিৰ্বাচনত ৰাজেন গোহাঁইৰ পৰিৱৰ্তে ৰূপক শৰ্মাক বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী আৰু বিধায়ক ৰূপক শৰ্মাৰ মাজত সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছিল।

শেহতীয়াভাৱে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁয়ে সংবাদ মেলৰ আয়োজন কৰি নগাঁৱৰ উন্নয়নৰ কৃতিত্ব কেৱল তেওঁৰহে বুলি দাবী কৰিছিল। আনকি অনাগত বিধানসভা নিৰ্বাচনত গোহাঁয়ে নগাঁও অথবা বঢ়মপুৰত টিকট বিচাৰিব বুলিও ঘোষণা কৰিছিল। ইয়াৰ পিছতে ৰূপক শৰ্মায়ো নগাঁৱৰ উন্নয়নৰ কৃতিত্ব কেৱল কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপি চৰকাৰৰহে, কোনো ব্যক্তিবিশেষৰ নহয় বুলি প্ৰত্যুত্তৰ দিছিল।

সংবাদ মাধ্যমত ৰাজেন-ৰূপকৰ সংঘাতৰ বিষয়েও ব্যাপক চৰ্চা চলিছিল। কিন্তু দীৰ্ঘদিনৰ বিৰতিৰ পিছত আজি নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা অনুষ্ঠানত একেখন মঞ্চতে আসন গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধায়ক ৰূপক শৰ্মাই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আদৰণি পৰ্বত দেখা গ'ল এক বিৰল দৃশ্য। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীদ্বয়ক আদৰণি জনোৱাৰ পিছতে বিধায়ক ৰূপক শৰ্মাক জিলা প্ৰশাসনে আদৰণি জনাবলৈ আগবাঢ়িছিল। কিন্তু বিধায়কগৰাকীয়ে তেওঁৰ পৰিৱৰ্তে প্ৰথম ৰাজেন গোহাঁইক আদৰণি জনাবলৈ অনুৰোধ জনায়।

জিলা প্ৰশাসনে ৰূপক শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি ৰাজেন গোহাঁইক আদৰণি জনাই। বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশত বিধায়কগৰাকীৰ এই কাৰ্যক একাংশই জ্যেষ্ঠজনৰ প্ৰতি সন্মান বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই ইয়াক ৰাজনৈতিক তিক্ততা দূৰীকৰণৰ প্ৰচেষ্টা বুলিও অভিহিত কৰিছে।
Published by: Sanjay Kumar Das
First published: July 27, 2020, 11:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি