এইবাৰ ঠেলাচালকৰ ৰূপত বিধায়ক ৰূপক শৰ্মা, গান্ধী জয়ন্তীত কিয় এই ব্যতিক্ৰমী ৰূপ?

গান্ধীজয়ন্তীত ৰূপক শৰ্মাৰ এই ব্যতিক্ৰমী ৰূপক লৈ চৰ্চা।

News18-Assam
Updated:October 2, 2019, 4:28 PM IST
এইবাৰ ঠেলাচালকৰ ৰূপত বিধায়ক ৰূপক শৰ্মা, গান্ধী জয়ন্তীত কিয় এই ব্যতিক্ৰমী ৰূপ?
গান্ধীজয়ন্তীত ৰূপক শৰ্মাৰ এই ব্যতিক্ৰমী ৰূপক লৈ চৰ্চা।
News18-Assam
Updated: October 2, 2019, 4:28 PM IST
নীলোৎপল বৰা: মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছতাৰ বাণীক সাৰোগত কৰি এইবাৰ গান্ধী জয়ন্তীত নগাঁও চহৰৰ মজিয়াত চাফাই অভিযান চলালে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। কোৰ-বেলচা লৈ চহৰখনৰ মূল পথত আৱৰ্জনা চাফা কৰা বিধায়ক ৰূপক শৰ্মাক দেখা গ'ল ঠেলাচালকৰ ৰূপত। চহৰখনৰ মাজমজিয়াত জাবৰভৰ্তি ঠেলা চলাই বিধায়কজনে ক'লে মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন সফল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা পদক্ষেপক সন্মান জনাই বিজেপিৰ প্ৰতিজন কৰ্মীয়ে স্বচ্ছ আৰু প্ৰদুষণমুক্ত ভাৰত গঢ়াৰ বাবে সংকল্পবদ্ধ হৈছে। উল্লেখযোগ্য যে বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ কাৰ্যকৰ্তা সকল আৰু যুৱমৰ্চাৰ সদস্যসকলেও স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি