உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • টেম্প' চলাই পৰিয়াল ভৰণ-পোষণ দিব ৰিঞ্জুমণিয়ে, বিধায়ক ৰূপক শৰ্মাই ৰিঞ্জুমণিৰ হাতত তুলি দিলে টেম্প'ৰ চাবি

    টেম্প' চলাই পৰিয়াল ভৰণ-পোষণ দিব ৰিঞ্জুমণিয়ে, বিধায়ক ৰূপক শৰ্মাই ৰিঞ্জুমণিৰ হাতত তুলি দিলে টেম্প'ৰ চাবি

    স্বামীৰ চিকিৎসাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা ৰিঞ্জুমণিয়ে শিকিছিল টেম্প' চলাবলৈ। কিন্তু আৰ্থিক দীনতাৰ বাবে ৰিঞ্জুমণি টেম্প' ক্ৰয় কৰিব পৰা নাছিল।

    স্বামীৰ চিকিৎসাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা ৰিঞ্জুমণিয়ে শিকিছিল টেম্প' চলাবলৈ। কিন্তু আৰ্থিক দীনতাৰ বাবে ৰিঞ্জুমণি টেম্প' ক্ৰয় কৰিব পৰা নাছিল।

    স্বামীৰ চিকিৎসাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা ৰিঞ্জুমণিয়ে শিকিছিল টেম্প' চলাবলৈ। কিন্তু আৰ্থিক দীনতাৰ বাবে ৰিঞ্জুমণি টেম্প' ক্ৰয় কৰিব পৰা নাছিল।

    • Share this:
    অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ কাছমাৰী পঞ্চায়তৰ ত্ৰিবেণী মণ্ডল সংগঠনৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্যা ৰিঞ্জুমণি বৰদলৈক প্ৰায় ৩ লাখ ৫৪ হাজাৰ টকাৰ মূল্যৰ এখন টেম্প' আনুষ্ঠানিকভাৱে প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখযোগ্য যে কাছমাৰী নিৱাসী ৰিঞ্জুমণি বৰদলৈৰ স্বামী এক দুৰ্ঘটনাত পতিত হৈ শাৰীৰিকভাৱে অক্ষম হৈ পৰাত ৰিঞ্জুমণিয়ে অশেষ কষ্টৰে নিজৰ সংসাৰখন চলাই আহিছে।

    স্বামীৰ চিকিৎসাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা ৰিঞ্জুমণিয়ে শিকিছিল টেম্প' চলাবলৈ। কিন্তু আৰ্থিক দীনতাৰ বাবে ৰিঞ্জুমণি টেম্প' ক্ৰয় কৰিব পৰা নাছিল। ৰিঞ্জুমণিয়ে টেম্প' চলাই পৰিয়াল ভৰণ-পোষণ দিব বিচাৰে বুলি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক অৱগত কৰিছিল আৰু লগতে চৰকাৰী সাহায্যত এখন টেম্প' দিবৰ বাবেও অনুৰোধ জনাইছিল।

    অৱশেষত অসম গ্ৰামীন এক্সপ্ৰেছৰ অধীনত বিধায়ক ৰূপক শৰ্মাই  ৰিঞ্জুমণি বৰদলৈক আনুষ্ঠানিকভাৱে টেম্প'খন প্ৰদান কৰাৰ লগে লগে তেওঁ আনন্দিত হৈ পৰিছে। উল্লেখযোগ্য, অসম গ্ৰামীণ এক্সপ্ৰেছৰ  জৰিয়তে ৰঞ্জুমণি বৰদলৈয়ে লাভ কৰা টেম্প’খনৰ ঋণ প্ৰদানৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা লাভ কৰিব। কাছমাৰী বামুণগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত টেম্প’ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয় যে ৰিঞ্জুমণি বৰদলৈৰ দৰে মহিলাৰ কৰ্মস্পৃহাই আমাক  আপ্লুত কৰিছে। আশাকৰো টেম্প’খনৰ জৰিয়তে ৰিঞ্জুমণি বৰদলৈ আৰু অধিক স্বাৱলম্বী হৈ উঠিব। এনে এগৰাকী স্বাৱলম্বী মহিলাক আজি নিজ হাতে এখন টেম্প’ প্ৰদান কৰিবলৈ পাই যথেষ্ট সন্তুষ্টি লাভিছো।

    বিধায়ক শৰ্মাই অসম গ্ৰামীণ এক্সপ্ৰেছ যোজনাই গ্ৰহণ কৰা পদক্ষেপৰ বাবে  ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত অসম গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ ডি পি এম  শেখৰ প্ৰৱাল চাণ্ডল্য, বি পি এম পৱন কুমাৰ বৰদলৈ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, খাগৰিজান মণ্ডলৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলি কোঁৱৰ, কাছমাৰী পঞ্চায়তৰ সভাপতি পংকজ বৰা, বিদুৎ বৰদলৈ প্ৰমুখ্যে পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
    Published by:Sanjay Kumar Das
    First published: