• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছ–এআইইউডিএফৰ অশুভ মিত্ৰতাই অসমখনৰ ক্ষতি কৰিব, ক’লে বিধায়ক ৰূপক শৰ্মাই

কংগ্ৰেছ–এআইইউডিএফৰ অশুভ মিত্ৰতাই অসমখনৰ ক্ষতি কৰিব, ক’লে বিধায়ক ৰূপক শৰ্মাই

কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়- "অসম বচাও"ক নহয়, নগাঁৱক তেওঁৰ পৰা বচাব লাগিব।

কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়- "অসম বচাও"ক নহয়, নগাঁৱক তেওঁৰ পৰা বচাব লাগিব।

কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়- "অসম বচাও"ক নহয়, নগাঁৱক তেওঁৰ পৰা বচাব লাগিব।

  • Share this:
সোমবাৰে নগাঁও চহৰৰ খুটিকটিয়া ৰাস মন্দিৰ প্ৰাংগণত বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৃষ্ঠা প্ৰমুখৰ তত্বাৱধায়ক তথা গহপুৰৰ বিধায়ক উৎপল বৰা প্ৰমুখ্যে দলীয় বিসয়ববীয়াসকল।

পৃষ্ঠাপ্ৰমুখ সন্মিলনখনত উপস্থিত অংশগ্ৰহণ কৰি‌ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি  কয় - কংগ্ৰেছে অসমখনক বহু দূৰ পিছুৱাই থৈ গ'ল। কংগ্ৰেছৰ দিনত আনকি বিশ্বখ্যাত এশিঙীয়া গঁড় শান্তিত থাকিব পৰা নাছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত গঁড় হত্যা বন্ধ হৈছে। কংগ্ৰেছে আৰম্ভ কৰা "অসম বচাও" অভিযানক কঠোৰ সমালোচনা কৰি শৰ্মাই কয় - কংগ্ৰেছে এতিয়া "অসম বচাও" অভিযান চলাই ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে।

কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়- "অসম বচাও"ক নহয়, নগাঁৱক তেওঁৰ পৰা বচাব লাগিব। তেওঁ যি ধৰণে নিৰ্যাতন অবিচাৰ কৰিছিল সেইবোৰ দূৰ কৰিব লাগিব। কংগ্ৰেছৰ মন্ত্ৰীগৰাকীৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় আৰক্ষীয়ে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে সেইজন নেতাৰ ফোনত আৰক্ষীয়ে অপৰাধীক এৰি দিবলৈ বাধ্য হৈছিল। এতিয়া আমাৰ দিনত কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে আমি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ বা শাস্তি বিহিবলৈ কওঁ। যাৰ বাবে এতিয়া অন্ধকাৰ পৰিৱেশ নোহোৱা হৈছে। নগাঁৱত এতিয়া চৌপাশে শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে।

কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰসংগ উল্লেখ কৰি বিধায়ক শৰ্মাই কয়- এই দল দুটাৰ অশুভ মিত্ৰতাই অসমখনৰ ক্ষতি কৰিব। পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ নগাঁও জিলাৰ  তত্বাৱধায়ক তথা গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই  কয়-' কা' আন্দোলনৰ গইনা লৈ একাংশই এতিয়া নতুন নতুন ৰাজনৈতিক দল খুলিছে। এই নতুন ৰাজনৈতিক দলৰ জৰিয়তে বহুতে নেতা বিধায়ক হ'ব বিচাৰিছে। কিন্তু তেওঁলোকৰ ৰাইজৰ লগত সম্পৰ্ক নাই। কোভিডে সন্ত্ৰাস সৃষ্টি কৰোতে এই সকল ক'ত আছিল বুলি প্ৰশ্ন কৰি বিধায়ক বৰাই কয়- বিজেপি নেতা কৰ্মী সকলে মৃত্যুকো ভয় নকৰি ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছে। অহা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে বৰাই।
Published by:Sanjay Kumar Das
First published: