কোভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষিকৰ্মত নামি পৰিছে। বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হ'লেও বৰ্তমান সময়ত শালি ধানৰ খেতিত কৃষকসকলে মনোনিৱেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাছত অসহায় হৈ পৰা কৃষকৰ বাবে অতীব প্ৰয়োজন হৈ পৰে ধানৰ কঠীয়া। সেয়ে বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষকসকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে 'সমূহীয়া কঠীয়াতলী আঁচনি' নামেৰে এক আঁচনি গ্ৰহণ কৰিছে।
উক্ত আঁচনিৰ অধীনত মঙলবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱৰ পথাৰৰ লগতে শুকতপুতা পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত মুঠ ৪৩ বিঘা কৃষি ভূমিত সমূহীয়াকৈ 'বাহাদুৰ চাহ' ধানৰ বীজ সিঁচা হয়। এই 'সমূহীয়া কঠীয়াতলী আঁচনি'ৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আঁচনিখন শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কৃষকৰ লগত পথাৰত ধানৰ বীজো সিঁচে। ধানৰ বীজ সিঁচি বিধায়কগৰাকীয়ে কয়– কৃষকসকলে আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি আহিছে । কৃষকসকলে অশেষ শ্ৰম কৰি শস্য উৎপাদন কৰে। সেয়ে কৃষকসকলক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাটো আমাৰ কৰ্তব্য।
ধানৰ বীজ সিঁচা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, কৃষি উন্নয়ন বিষয়া মানস প্ৰতীম দাস, হৰিনাৰায়ণ গোস্বামী, পাখিমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি নিকুল শৰ্মা, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ দাস প্ৰমুখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া–কৰ্মীসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|