সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ বাবে এতিয়া দলৰ কোনো কথা নাই, উন্নয়নহে লাগে!

কোনোবা দলত যোগদান কৰিবলৈ বাকী আছে নেকি বুলি ওলোটাই সাংবাদিকক দেখুৱাই দিবলৈহে অনুৰোধ কৰে বিধায়িকাগৰাকীয়ে।
কোনোবা দলত যোগদান কৰিবলৈ বাকী আছে নেকি বুলি ওলোটাই সাংবাদিকক দেখুৱাই দিবলৈহে অনুৰোধ কৰে বিধায়িকাগৰাকীয়ে।
- News18 Assam
- Last Updated: December 18, 2020, 1:57 PM IST
এতিয়া সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ বাবে নাই কোনো দলৰ প্ৰয়োজন। কৰিব লাগে ৰাইজৰ সেৱা। সৰুপথাৰ সমষ্টিৰটোৰ অন্তৰ্গত মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত কৌৱানী পথাৰ গাঁৱক চৰকাৰৰ সামাজিক উন্নয়নমূলক আঁচনিৰ অসম দৰ্শন গ্ৰাম যোজনাৰ অধীনৰ এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ আধাৰশিলা স্থাপন কৰে বিধায়িকাগৰাকীয়ে। ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আদৰ্শ কৌৱানী গাঁৱৰ সাতটাকৈ আধাৰশিলা স্থাপন কৰে ৰ’জলীনা তিৰ্কীয়ে।
এই অনুষ্ঠানতে কংগ্ৰেছ বিধায়িকাগৰাকীৰ দল বাগৰা ৰাজনীতিক লৈ হৈ থকা চৰ্চাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ অসমৰ্থ হৈ ফালৰি কাটি গৈ এতিয়া কোনো দলৰ কথা নাই কেৱল উন্নয়নহে হ’ব লাগে বুলি মন্তব্য কৰাৰ লগতে ৰাইজৰ সেৱাহে মূল লক্ষ্য বুলিও জানিবলৈ দিয়ে। ওলোটাই সাংবাদিককহে আৰু কোনোবা দলত যোগদান কৰিবলৈ আছে নেকি বুলি দেখুৱাই দিবলৈহে কয়।