• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাত আক্ৰান্ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

কোৰোণাত আক্ৰান্ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

লকডাউনৰ সময়ত সমষ্টিৰ বহু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰ্থিকভাৱে সহায় কৰিছিল।

লকডাউনৰ সময়ত সমষ্টিৰ বহু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰ্থিকভাৱে সহায় কৰিছিল।

লকডাউনৰ সময়ত সমষ্টিৰ বহু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰ্থিকভাৱে সহায় কৰিছিল।

  • Share this:
পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। সোমবাৰে অসুস্থ হোৱাত GMCH হাস্পতালত কোভিড পৰীক্ষা কৰা হৈছিল বিধায়কগৰাকীৰ। বিধায়ক কলিতাক চিকিৎসাৰ বাবে বৰ্তমান GMCH হাস্পতালত ৰখা হৈছে। কোৰোণা পৰিস্থিতিৰ মাজতে পশ্চিম গুৱাহাটী সমষ্টিত দিনেই–নিশাই নিজৰ দায়িত্ব পালন কৰি আহিছিল বিধায়কগৰাকীয়ে। লকডাউনৰ সময়ত সমষ্টিৰ বহু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰ্থিকভাৱে সহায় কৰিছিল। তদুপৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ কোভিড–১৯ত আক্ৰান্ত লোকৰ পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগান ধৰিছিল।
Published by:Sanjay Kumar Das
First published: