বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এই পদক্ষেপৰ শলাগ লৈছে ধাৰাপুৰবাসী ৰাইজে।
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এই পদক্ষেপৰ শলাগ লৈছে ধাৰাপুৰবাসী ৰাইজে।
মহানগৰৰীৰ ধাৰাপুৰত হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ বুজ ল’লে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। দিনে দিনে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে ধাৰাপুৰত ভয়াৱহভাবে বৃদ্ধি পাই আহিছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ধাৰাপুৰ অঞ্চলত প্ৰায় ৩০ জনৰো অধিক লোক আক্ৰান্ত হৈছে কোভিডত। স্বাস্থ্য বিভাগে কোভিড আক্ৰান্ত লোকসকলৰ বাসগৃহসমূহ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে। এইসকল লোকৰ বুজ লোৱাৰ বাবে ধাৰাপুৰত উপস্থিত হ’ল স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। বিধায়কগৰাকীয়ে কোভিডত আক্ৰান্ত লোকৰ পৰিয়ালক খাদ্য সামগ্ৰীও বিতৰণ কৰে। যাৰ ফলত কিছু সকাহ পাইছে এই সকললোকে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এই পদক্ষেপৰ শলাগ লৈছে ধাৰাপুৰবাসী ৰাইজে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|