உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কৃত্ৰিম বান ৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    কৃত্ৰিম বান ৰোধৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    ধাৰাপুৰ, গঁড়ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পানী ওলাই যোৱা কেনেলসমূহ পৰিদৰ্শন কৰে বিধায়ক কলিতাই। 

    ধাৰাপুৰ, গঁড়ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পানী ওলাই যোৱা কেনেলসমূহ পৰিদৰ্শন কৰে বিধায়ক কলিতাই। 

    ধাৰাপুৰ, গঁড়ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পানী ওলাই যোৱা কেনেলসমূহ পৰিদৰ্শন কৰে বিধায়ক কলিতাই। 

    • Share this:
    কৃত্ৰিম বান ৰোধ কৰাৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ধাৰাপুৰ, গঁড়ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পানী ওলাই যোৱা কেনেলসমূহ পৰিদৰ্শন কৰে বিধায়ক কলিতাই।

    মঙলবাৰে চক্ৰ বিষয়া মৃণাল বৰা, জলসিঞ্চনৰ কাৰ্যবাহী অভিযন্তা এম ৰহমান  আৰু বিভাগীয় কৰ্তৃপক্ষক লগত লৈ ধাৰাপুৰ, খানামুখ, গড়ল আৰু বৰঝাৰ বিমানবন্দৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে কলিতাই। বাৰিষাৰ পূৰ্বে নলা–নৰ্দমাসমূহ চাফা কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ধাৰাপুৰ, খানামুখ, আজাৰা, গড়ল, ভট্টাপাৰা অঞ্চলৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

    যিহেতু এইসমূহ অঞ্চল এজাক বৰষুণ আহিলে কৃত্ৰিম বানৰ কবলত পৰে, আনকি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৃত্ৰিম বানৰ ফলত বিমান বাতিল হোৱাৰ উপৰিও বিভিন্ন সমস্যাত ভোগে বিমান যাত্ৰীয়ে। বাৰিষাৰ আগ মুহূৰ্তত বিধায়ক কলিতাই লোৱা এই পদক্ষেপ হাতত লোৱা আনন্দিত হৈ পৰে ৰাইজ।

    আনহাতে বানপানী ৰোধ কৰাৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰ, গড়ল, ভট্টাপাৰা, কেন্দুকুচি, মাজিৰগাঁও অঞ্চলত ব্ৰহ্মপুত্ৰৰ মাথাউৰি নিৰ্মাণৰ কাম পূর্ণগতিত চলি থকা বুলি জানিব দিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
    Published by:Sanjay Kumar Das
    First published: